ETV Bharat / state

"সেউজীয়া" ৰ মাজত কাইলৈৰ পৰা বিধানসভাৰ বাজেট অধিবেশন

প্ৰায় এমাহজুৰি চলিব লগীয়া এই বাজেট অধিবেশনৰ বাবে নতুন ধৰণে সজাই তোলা হৈছে দিছপুৰস্থিত অসম বিধানসভা (ASSAM ASSAMBLY CAMPUS) চৌহদ । চৌহদৰ প্ৰতিখন দেৱালত ওলোমাই দিয়া হৈছে অজস্ৰ ফুলৰ টাব ।

_assembly_budget_sessio
"সেউজীয়া" ৰ মাজত কাইলৈৰ পৰা বিধানসভাৰ বাজেট অধিবেশন
author img

By

Published : Jul 11, 2021, 7:38 PM IST

গুৱাহাটী, ১১ জুলাই : প্ৰথমবাৰৰ বাবে এক সেউজীয়া আৰু নান্দনিক পৰিৱেশৰ মাজত কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন (Assam Assembly Budget Session) । প্ৰায় এমাহজুৰি চলিবলগীয়া এই বাজেট অধিৱেশনৰ বাবে নতুন ধৰণে সজাই তোলা হৈছে দিছপুৰস্থিত অসম বিধানসভা (Assam Assembly) চৌহদ । চৌহদৰ প্ৰতিখন দেৱালত ওলোমাই দিয়া হৈছে অজস্ৰ ফুলৰ টাব । বিধানসভাৰ প্ৰৱেশ পথৰ দুয়োপাৰে লানি নিছিগাকৈ সজাই তোলা হৈছে নানাৰঙী ফুল গছেৰে । মুঠতে সমগ্ৰ বিধানসভা চৌহদত এতিয়া কেউফালে মাথো ফুল আৰু ফুল ।

"সেউজীয়া" ৰ মাজত কাইলৈৰ পৰা বিধানসভাৰ বাজেট অধিবেশন

উল্লেখযোগ্য যে, সোমবাৰে পৰা সম্পূৰ্ণ এমাহৰ বাবে ক'ভিড (Covid 19) প্ৰট'কলৰ মাজেৰে বাজেট অধিৱেশন অনুষ্ঠিত হ’ব যদিও এই অধিৱেশনৰ কৰ্মদিন অৱশ্যে ২৪ দিনহে হ’ব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰৰ এইখন হ’ব প্ৰথম পূৰ্ণাংগ বাজেট অধিৱেশন । ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) বিধানসভাত দাখিল কৰিব ২০২১-২২ বৰ্ষৰ বাজেট (Budget 2021-22) । অজন্তা নেওগেই (Ajanta Neog) হ’ব বিধানসভাত বাজেট দাখিল কৰা ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী । গতিকে স্বাভাৱিকতে সৰ্বস্তৰতে এই বাজেটক লৈ আৰম্ভ হৈছে উৎকন্ঠা ।

আনহাতে, বিধানসভাৰ এই বাজেট অধিৱেশনতে চৰকাৰৰ ফালৰ পৰা উত্থাপন হ’ব আন কেইবাখনো বিধেয়কৰ উপৰিও দুখনকৈ অত্যন্ত গুৰুত্বপূৰ্ণ বিধেয়ক । এই দুখন হৈছে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু গো-সুৰক্ষা বিধেয়ক । বিধানসভাত উত্থাপন পূৰ্বেই ইতিমধ্যে এই দুয়োখন বিধেয়কক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰু বাদানুবাদ আৰম্ভ হৈছে ।

লগতে পঢ়কঃ থলুৱা গামোচাৰ ব্যৱহাৰ: আৰম্ভ নহ’ল টীয়কৰ তাঁত বয়ন প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.