ETV Bharat / state

Assam Elephant Joymala: আকৌ জয়মালাৰ ওপৰত চলিছে অত্যাচাৰ - তিৰুকোভিল মন্দিৰত বন্দী হৈ আছে জয়মালা

তামিলনাডুত শিকলিৰে বান্ধি কংক্ৰিটৰ মাজত আবদ্ধ কৰি ৰখা হৈছে অসমৰ জয়মালাক (Assams Elephant Joymala Still in Chains)। অস্ত্ৰৰে ভাবুকি দেখুৱাই জয়মালাক নিয়ন্ত্ৰণ চেষ্টা মাউতৰ । পেটা ইণ্ডিয়াৰ শেহতীয়া অনুসন্ধানত প্ৰকাশ পোৱা মতে, জয়মালা নামৰ হাতীটো বৰ্তমান অৱস্থা অতি দুখজনক । জয়মালক এতিয়াও অত্যাচাৰ চলোৱা হয় বুলি সংবাদমেল যোগে Peta India ৰ গুৰুতৰ অভিযোগ (PETA India on Jaymala)।

Assam Elephant Joymala
Assam Elephant Joymala
author img

By

Published : Nov 15, 2022, 8:43 PM IST

গুৱাহাটী, 15 নৱেম্বৰ: পুনৰ সংকটত জয়মালা (Jaymala in Trouble)। পেটা ইণ্ডিয়াৰ অনুসন্ধানত পোহৰলৈ আহিছে আন এক শিহৰণকাৰী দৃশ্য । তামিলনাডুৰ তিৰুকোভিল মন্দিৰত বন্দী হৈ আছে জয়মালা (Assam elephant Jaymala) । সংবাদমেলযোগে পেটা ইণ্ডিয়াই প্ৰকাশ কৰিলে ভিডিঅ' সহ তথ্য । পেটা ইণ্ডিয়াৰ সদস্য মিনাৰুল জামাল মালিকে কয় যে, শিকলিৰে বান্ধি কংক্ৰিটৰ মাজত আবদ্ধ কৰি ৰখা হৈছে অসমৰ জয়মালাক ।

অস্ত্ৰৰে ভাবুকি দেখুৱাই জয়মালাক নিয়ন্ত্ৰণ চেষ্টা মাউতৰ (Assams Elephant Joymala Still in Chains) । পেটা ইণ্ডিয়াৰ শেহতীয়া অনুসন্ধানত প্ৰকাশ পোৱা মতে, জয়মালা নামৰ হাতীটো বৰ্তমান অৱস্থা অতি দুখজনক । জয়মালক এতিয়াও অত্যাচাৰ চলোৱা হয় বুলি সংবাদমেল যোগে Peta India ৰ গুৰুতৰ অভিযোগ (PETA India on Jaymala)। 2011 চনতে তামিলনাডুৰ তিৰুকোভিললৈ লৈ গৈছিল জয়মালাক । 3 বছৰত জয়মালাক পুনৰ অসমলৈ ঘূৰাই অনাৰ চুক্তি আছিল ।

আকৌ জয়মালাৰ ওপৰত চলিছে অত্যাচাৰ

কিন্তু আজিও ঘূৰি নাহিল জয়মালা । সেয়েহে চৰকাৰক জয়মালাক তাত থকা আন গাতীবোৰক উভতাই আনিবলৈ আহ্বান জনাইছে পেটা ইণ্ডিয়াই ।

উল্লেখ্য যে 2011 চনতে অসমৰ পৰা তামিলনাডুলৈ লৈ যোৱা জয়মালা নামৰ হাতীজনীক এটা মন্দিৰত নিৰ্মমভাৱে অত্যাচাৰ কৰা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । জয়মালাক লৈ সৃষ্টি হোৱা চৰ্চা আৰু বিতৰ্কৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জয়মালাকে ধৰি তামিলনাডুৰ বিভিন্ন প্ৰান্তত থকা আন আঠটা হাতী কেনে অৱস্থাত আছে তাৰ নীৰিক্ষণ কৰিবলৈ গঠন কৰি দিয়ে চাৰিজনীয়া সমিতি ।

এই চাৰিজনীয়া সদস্যৰ দলটো ২ ছেপ্তেম্বৰতে উপস্থিত হৈছিল তামিলনাডুত । কিন্তু পৰিতাপৰ কথা এইটোৱে যে সমিতিখনে জয়মালাক সাক্ষাৎ কৰিব নোৱাৰিলে । এই সমগ্ৰ বিষয়টো বৰ্তমান উচ্চ ন্যায়লয়ত বিচাৰধীন । আনহাতে, তামিলনাডু চৰকাৰে জয়মালা সুস্থ থকা বুলি ভিডিঅ’ প্ৰেৰণ কৰিছিল । কিন্তু শেহতীয়াভাৱে পেটা ইণ্ডিয়াৰ অনুসন্ধানত পুনৰ পোহৰলৈ আহিছে জয়মালাৰ ওপৰত হৈ থকা অত্যাচাৰৰ শিহৰণকাৰী দৃশ্য ৷ পুনৰ অসমলৈ ঘূৰি আহিব নে জয়মালা ? নে এইদৰেই দুৰ্ভোগ ভুগি জয়মালাই আমৃত্যু চকুলো টুকিব লাগিব অসমৰ পৰা সুদূৰত ৷

লগতে পঢ়ক: অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.