ETV Bharat / state

Krishnasura dot com: অসমীয়া ৱেৱ ছিৰিজ কৃষ্ণচূড়া ডট কমৰ পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ স’তে বিশেষ সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:56 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত নিৰ্মাণ কৰা অসমীয়া ৱেব ছিৰিজ "কৃষ্ণচূড়া ডট কম"। দৰ্শকৰ মাজত ইতিমধ্যেই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৱেব চিৰিজ খনেই। শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব "কৃষ্ণচূড়া.কম" season 2.

Assamese web series Krishnasura dot com cast special interview with ETV Bharat Assam
অসমীয়া ৱেব ছিৰিজ কৃষ্ণচূড়া ডট কমৰ বিষয়ে কিছু কথা

চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ: OTT প্লেটফৰ্ম ৰীলড্ৰামাত সৰ্বাধিক প্লে’ হোৱা এখন ৱেব ছিৰিজ ৷ যাৰ নাম হৈছে "কৃষ্ণচূড়া ডট কম"। ২৫ আগষ্টত ৰীলড্ৰামাত মুক্তি লাভ কৰিছিল অসমীয়া ৱেব ছিৰিজ "কৃষ্ণচূড়া ডট কম"। "কৃষ্ণচূড়া ডট কম" ৱেব চিৰিজ খনৰ বিষয়বস্তুটো যুৱপ্ৰজন্মৰ, বিশেষকৈ ছাত্ৰজীৱনৰ লগত খাপ খোৱা ।

যুৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাত নিৰ্মাণ কৰা নতুন অসমীয়া ৱেব ছিৰিজখনত অভিনয় কৰিছে অভিনেতা কমল লোচন, আৰ জে তথা সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনী আৰু কুইন শিৱম, নিৰুপম কোচৰৰ লগতে প্ৰায় ২০০০ কলা-কুশলীয়ে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত, ছাত্ৰ জীৱনৰ বিভিন্ন কাহিনী আৰু কা আন্দোলনৰ সময়ৰ আধাৰত নিৰ্মাণ কৰা হৈছে কৃষ্ণচূড়া ডট কম। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হ’ল গুৱাহাটী বিশ্ববিদ্যালয় । গুৱাহাটী বিশ্ববিদ্যালয় কৃষ্ণচূড়াৰ নগৰী ৰূপে খ্যাত। য’ত ৰদালিৰ পৰা আৰম্ভ কৰি বৈশ্য দাৰ দোকানলৈ বিভিন্ন অনুভৱৰ সংমিশ্ৰণ আছে । কৃষ্ণচূড়া ডট কম" ৱেব ছিৰিজখনত হোষ্টেলৰ পৰিস্থিতিৰ পৰা আৰম্ভ কৰি ৰাজনীতি, বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, কৃষ্ণচূড়াৰ সুগন্ধ, ছাত্ৰ ৰাজনীতি, বন্ধুত্ব তথা প্ৰেম ইত্যাদি প্ৰতিটো বিষয়ৰ সমাগম ঘটিছে ।

প্ৰায় ২০০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিচালক প্ৰণৱ ভৰালীয়ে যি কাহিনীক উপস্থাপন কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। ৱেব ছিৰিজ মুক্তি পিছতেই বিশেষ সমাদৰ লাভ কৰিব সক্ষম হৈছে দৰ্শকৰ মাজত। ৰীলড্ৰামাত মুক্তিৰ প্ৰায় চাৰি দিনৰ ভিতৰতে ৪ লাখ মিনিট ৱাটছ্ টাইম হৈছে ছিৰিজখনৰ। অসমীয়া ৱেব ছিৰিজৰ ভিতৰত 'কৃষ্ণচূড়া ডট কম' সৰ্বাধিক লোকে উপভোগ কৰা ৱেব ছিৰিজৰ হিচাপে পৰিগণিত হোৱাৰ পথত । 'কৃষ্ণচূড়া ডট কম'ক এনেদৰে ৰাইজে আঁকোৱালি লোৱাৰ বাবে উৎফুল্লিত'কৃষ্ণচূড়া ডট কম'ৰ সমূহ কলা-কুশলী ।

লগতে পঢ়ক: Ganapath: গণেশ চতুৰ্থীৰ উপলক্ষে মুকলি হ’ল টাইগাৰ শ্ৰফৰ ছবি ‘গণপত’ৰ নতুন পোষ্টাৰ, লগতে ঘোষণা কৰিলে মুক্তিৰ তাৰিখ

লগতে পঢ়ক: Krishnasura.com: অসমীয়া ৱেব চিৰিজৰ অভিলেখ ভংগ কৰিব নেকি কৃষ্ণচূড়া ডট কমে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.