গুৱাহাটী, ২ ছেপ্টেম্বৰ : মানুহৰ বিকাশ বিচাৰি কবিতাৰে সমৃদ্ধ জীৱন সামৰি চিৰবিদায় মাগিলে বিশিষ্ট কবি, সাহিত্য অকাডেমী বিজয়ী ৰবীন্দ্ৰ সৰকাৰে । যোৱা নিশা ২:৩০ বজাত তেওঁ কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে । ১৯৪১ চনৰ ৭ আগষ্টত জন্ম গ্ৰহণ কৰা অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যশিল্পী, অনুবাদক আছিল ৰবীন্দ্ৰ সৰকাৰ ।
অসমীয়া ভাষাৰ লগতে বঙালী ভাষাতো সাহিত্য চৰ্চা কৰিছিল ৰবীন্দ্ৰ সৰকাৰে ৷ সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই । অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই এক শোকবাৰ্তাত অসমীয়া ভাষা-সাহিত্যলৈ ৰবীন্দ্ৰ সৰকাৰে আগবঢ়োৱা বিশিষ্ট অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
সৰকাৰক অসমীয়া আৰু বাংলা সমাজৰ সমন্বয়ৰ প্ৰতীক আখ্যা দিয়ে । ২০১৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা ৰবীন্দ্ৰ সৰকাৰৰ ‘‘ধূলিয়ৰি ভৰিৰ সাঁচ’’ কাব্যগ্ৰন্থখন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য সৃষ্টি বুলি মন্তব্য কৰে সভাপতি ড৹ হাজৰিকাই ।
সত্তৰ দশকৰ পৰা ৰবীন্দ্ৰ সৰকাৰে কাব্য চৰ্চাৰে অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰিছিল । জনচেতনা আৰু মানুহৰ জয়গান আছিল ৰবীন্দ্ৰ সৰকাৰৰ কবিতাৰ চিৰন্তন বিষয় বস্তু । ২০১৩ চনত ‘‘ধূলিয়ৰি ভৰিৰ সাঁচ’’ নামৰ অসমীয়া কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ৰবীন্দ্ৰ সৰকাৰলৈ ।
অসমৰ গুৱাহাটীতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা জীৱনৰ পাতনি মেলে ৰবীন্দ্ৰ সৰকাৰে ৷ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৬০ চনত ইণ্টাৰমিডিয়েট পৰীক্ষা উত্তীৰ্ণ হৈ তেতিয়াৰ কলকাতা বিশ্ববিদ্যালয় অধীনস্থ দমদম মতিঝীল কলেজত নামভৰ্তি কৰে ৷
১৯৬৩ চনত ইয়াৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে ৷ ৰবীন্দ্ৰ চৰকাৰে অসম ৰে’লৱে স্কুল (বৰ্তমানৰ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু কাহিলীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে । পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জীৱন বীমা নিগমত কৰ্মজীৱন স্থায়ীৰূপে কাম কৰি তাৰপৰাই ২০০১ চনত অৱসৰ গ্ৰহণ কৰে ।
১৯৯৭ চনত তেওঁ কৰ্মসূত্ৰে কলকাতালৈ যায় আৰু তেতিয়াৰ পৰা তাতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয় ৷ সাম্যবাদী চেতনাৰে কাব্য চৰ্চাত ওৰেটো জীৱন ব্ৰতী হোৱা ৰবীন্দ্ৰ সৰকাৰে বিশ্বৰ বিভিন্ন ভাষাৰ বহু মূল্যবান কবিতা অসমীয়ালৈ অনুবাদ কৰি গৈছে ।
সংকলন হিচাবে প্ৰকাশিত ৰবীন্দ্ৰ সৰকাৰ অনুদিত কবিতাসমূহৰ ভিতৰত - ভিয়েটনামৰ যুগান্তকাৰী ৰাজনীতিবিদ, কবি, হো চি মিনৰ কবিতাৰ অসমীয়া অনুবাদ, পাকিস্তানৰ কবি ফয়জ আহমদ ফয়জৰ উৰ্দু কবিতাৰ অসমীয়া অনুবাদ, কিউবাৰ জাতীয় কবি নিকোলাচ গিৱেনৰ কবিতাৰ অসমীয়া অনুবাদ, তুৰ্কী কবি নাজিম হিকমতৰ কবিতাৰ অসমীয়া অনুবাদ, গ্ৰীক কবি য়ান্নিচ ৰিৎচচৰ কবিতাৰ অসমীয়া অনুবাদ, গ্ৰীক কবি কস্তিচ পপাংগচৰ কবিতাৰ অসমীয়া অনুবাদ আদি প্ৰধান ৷
আনহাতে, সৰকাৰৰ প্ৰৱন্ধ সংকলনসমূহ হ’ল - চিন্তা আৰু মনিষা, অন্তৰংগ অনুভৱ, লেখকৰ অভিপ্ৰায় আৰু কালচেতনা ৷ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখন হ’ল - দিনবোৰ মোৰ সোণৰ সঁজাত ৷ কবি ৰবীন্দ্ৰ সৰকাৰৰ মৃত্যুত অসমে এজন মানুহ ভালপোৱা প্ৰগতিশীল কবিক হেৰুৱালে ৷
লগতে পঢ়ক : Aditya-L1 launch : পুৱা 11.50 বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হ’ব আদিত্য-L১ ক