ETV Bharat / state

অনুৰাধা ছবিগৃহত বহু প্ৰত্যাশিত অসমীয়া ছবি 'মিডনাইট ছং'ৰ বিশেষ প্ৰদৰ্শন

বুধবাৰে গুৱাহাটী মহানগৰীস্থিত অনুৰাধা ছবিগৃহত বিশেষ প্ৰদৰ্শন কৰা হয় অসমীয়া ছবি 'মিডনাইট ছং'ৰ ৷ হলিউডৰ শিল্পীয়ে কণ্ঠদান কৰা এই ছবিখনে ইতিমধ্যে লাভ কৰিছে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা ৷ আগন্তুক 29 জানুৱাৰীত ছবিগৃহত মুক্তিলাভ কৰিব এই ছবিখন ৷

midnight song
অনুৰাধা ছবিগৃহত বহু প্ৰত্যাশিত অসমীয়া ছবি 'মিডনাইট ছং'ৰ বিশেষ প্ৰদৰ্শন
author img

By

Published : Jan 27, 2021, 10:22 PM IST

Updated : Jan 28, 2021, 10:05 AM IST

গুৱাহাটী,27 জানুৱাৰী : নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক শুভবাৰ্তা । ক’ৰণাৰ ভয়াৱহতাৰ পাচত অসমীয়া চলচ্চিত্ৰ জগতলৈ গতিশীলতা অনাৰ অন্যতম প্ৰয়াস হিচাপে বুধবাৰে গুৱাহাটীস্থিত অনুৰাধা ছবিগৃহত উদ্বোধনী প্ৰদৰ্শন হয় ব্যতিক্ৰমী ধাৰাৰ অসমীয়া ছবি ‘মিডনাইট চং’ৰ । ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

অনুৰাধা ছবিগৃহত বহু প্ৰত্যাশিত অসমীয়া ছবি 'মিডনাইট ছং'ৰ বিশেষ প্ৰদৰ্শন

ইতিমধ্যে দেশ-বিদেশৰ 22 টাকৈ চলচ্চিত্ৰ মহোৎসৱত বহু সন্মান লাভেৰে ব্যাপক সমাদৰ পাই চলচ্চিত্ৰ প্ৰেমীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ছবিখন । বহু প্ৰত্যাশাৰে এইবাৰ দৰ্শকৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে অৰুণজিত বৰা পৰিচালিত ‘মিডনাইট ছং’ ছবিখন । ছবিখনৰ প্ৰয়োজনা কৰিছে অপৰাজিতা ভূঞাই ।

উল্লেখ্য যে,ছবিখনত ব্যৱহৃত হৈছে মাত্ৰ এটি গীত আৰু সেই গীতটিক কেন্দ্ৰ কৰিয়েই আগবাঢ়িছে ছবিৰ কাহিনী । মিডনাইট চং-ৰ সংগীত সজাইছে হলিউডৰ প্ৰসিদ্ধ শিল্পী মেগন ৰ’জ স্কটে । ‘শেষ হয় যেন আকাশ'’ শীৰ্ষক গীতটি ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰস্তুত কৰা হৈছে আৰু গীতটিত কণ্ঠ নিগৰাইছে মেগান স্ক’ট আৰু জুবলী বৰুৱাই ।

অৰুণজিত বৰা আৰু ৰাজদ্বীপৰ সংলাপেৰে আগবঢ়া মিডনাইট চং ছবিখনে বুটলিছে নিউয়ৰ্ক চিনেমেট’গ্ৰাফী বঁটা, শ্ৰেষ্ঠ ছবি নিৰ্মাতা বঁটা ৷ ছবিখন শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ খিতাপেৰে বষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মনোনীত হয় ৷ লগতে ড্ৰাক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালক আৰু ইটালীত ফ্লৰেন্স চলচ্চিত্ৰ বঁটা লাভ কৰে এই ছবিখনে ৷

ইয়াৰোপৰি, মিডনাইট চং ছবিখনে টুনিচিয়াৰ ৱাও চলচ্চিত্ৰ মহোৎসৱ, আমেৰিকাৰ ভিজন চলচ্চিত্ৰ মহোৎসৱ, ৰ’মানিয়াৰ ৱালাছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, লিফট্ ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱ, এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, চম্বল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গ্ৰেট লেকছ ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ, ফিল্মএৰা আন্তঃৰাষ্ট্ৰীয় মিউজিক এণ্ড অনলাইন চলচ্চিত্ৰ মহোৎসৱ, ভিজুৱেলিছ চলচ্চিত্ৰ মহোৎসৱ আৰু নাছিকৰ আশা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিত বহুবাৰ বহুকেইটা সন্মানেৰে সন্মানিত হয় ৷

অভিনেতা ৰূপম চেতিয়া, কল্পনা কলিতা আৰু মনোজ বৰকটকীয়ে অভিনয় কৰা ছবিখনৰ শব্দ সংযোজনত আছে প্ৰসিদ্ধ শব্দ সংযোজক দেৱজিত চাংমাই । অসমৰ পৰা গৈ বলিউডৰ কেইবাগৰাকীও বৰেণ্য পৰিচালকৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট অৰুণজিত বৰাৰ ন-চিন্তাত অসমীয়া সমাজ জীৱনৰ এক পৃথক দিশ উন্মোচিত হৈছে এই ছবিখনত ।

মাত্ৰ তিনিটা চৰিত্ৰৰ এনিশাৰ ঘটনাৰাজীক যতিহীন গতিত আগবঢ়াই নি উৎকৃষ্ট উপস্থাপনৰ এক উদাহৰণ দাঙি ধৰিছে ছবি নিৰ্মাতাই ৷ এনেকুৱা এখন বিশ্ব আলোড়িত কৰা ছবি ‘মিডনাইট ছং’ ছবিখন আগন্তুক 29 জানুৱাৰীত ছবিগৃহত মুক্তিলাভ কৰিব । অসমীয়া ছবিজগতক পুনৰ উজ্জীৱিত কৰি উত্তৰণৰ দিশত অৱদান আগবঢ়োৱাৰ এই প্ৰয়াসত অসমীয়া ৰাইজে সহযোগিতা আগবঢ়াব বুলি আশাবাদী ছবিখনৰ সৈতে জড়িত শিল্পী তথা কলা-কুশলীসকল ।

লগতে পঢ়ক : ‘চনক’ ছবিখনত বিদ্যুৎ জম্মুৱালৰ সৈতে দেখা যাব নেহা ধুপীয়াক

Last Updated : Jan 28, 2021, 10:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.