ETV Bharat / state

Women's Reservation Bill: নাৰী শক্তি বন্দন অধিনিয়ম সন্দৰ্ভত বাওঁপন্থী নেত্ৰী অসমী গগৈৰ আছুতীয়া সাক্ষাৎকাৰ - মহিলাৰ বাবে আসন সংৰক্ষণ

মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়কক লৈ ব্যাপক চৰ্চা চলিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম মহিলা‌ সংঘৰ নেত্ৰী অসমী গগৈয়ে ৷ অসমৰ বাওঁপন্থী আন্দোলনৰ অন্যতম এইগৰাকী নেত্ৰীৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠা সাংবাদিক ভৱেশ কুমাৰ মেধিৰ এক সাক্ষাৎকাৰ...

Women's Reservation Bill
Women's Reservation Bill
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:59 PM IST

নাৰী শক্তি বন্দন অধিনিয়ম সন্দৰ্ভত বাওঁপন্থী নেত্ৰী অসমী গগৈৰ আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, 19 ছেপ্টেম্বৰ: মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণ বিধেয়ক সংসদত পুনৰ এবাৰ উত্থাপন হ’ল ।‌ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত মঙলবাৰে উত্থাপন কৰে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ ।

এই বিধেয়কখনৰ এক ইতিহাস আছে । বাওঁপন্থী তথা প্ৰগতিশীল নাৰী আন্দোলন ইয়াৰ লগত জড়িত আছে । এই সন্দৰ্ভত অসমৰ বাওঁপন্থী আন্দোলনৰ অন্যতম নেত্ৰী তথা অসম মহিলা‌ সংঘৰ নেত্ৰী অসমী গগৈয়ে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত কয় যে ১৯৯৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰী দেৱগৌড়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ সম‌য়ত সদনত বাওঁপন্থী সাংসদ তথা অল ইণ্ডিয়া মহিলা ফেডাৰেশ্যনৰ নেত্ৰী গীতা মুখাৰ্জীয়ে সংসদত এই বিধেয়কখন উত্থাপন কৰিছিল ।
কিন্তু বিভিন্ন কাৰণত এই বিধেয়কখন গৃহীত নহ’ল । তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ (NDA) চৰকাৰে এই বিধেয়কখন দুবাৰকৈ উত্থাপন কৰিছিল । কিন্তু গৃহীত নহ’ল ।

তেওঁ আৰু কয় যে যোৱা ৯ বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন‌ কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন সংসদৰ‌ অধিৱেশনৰ কোনো কাৰ্যসূচীত নানিলে । এতিয়া হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন‌ কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন সংসদত উত্থাপন কৰিছে ।

তেওঁ কয়, ‘‘এই‌ বিধেয়কখন গৃহীত হ’লে প্ৰগতিশীল নাৰী আন্দোলনৰ জয়ী হ’ব । মহিলা সংৰক্ষণ বিধেয়কৰ জৰিয়তে বিধানসভাত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব । ইয়াৰ উপৰি লোকসভাতো মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ লাভ কৰিব ।’’

‘‘অৰ্থাৎ ১৮১খন আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব । লগতে দিল্লী বিধানসভাতো মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ থাকিব,’’ তেওঁ লগতে কয় ৷

লগতে পঢ়ক: Guwahati Municipal Corporation: গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.