ETV Bharat / state

MX প্লেয়াৰত উপলব্ধ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ চিনেমা

এটি ভাল খবৰ চলচিত্ৰপ্ৰেমীসকলৰ বাবে ৷ OTT মাধ্যম Mx player ত সংযোজন ঘটিব মন পচন্দৰ চিনেমাৰ ৷ এই ব্যৱস্থাৰ জৰিয়তে চলচিত্ৰপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব পচন্দৰ চিনেমা ৷

author img

By

Published : Oct 28, 2020, 8:03 PM IST

Assamese film will be available in mx player soon guwahati assam etv bharat news
MX প্লেয়াৰত উপলব্ধ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ চিনেমা

গুৱাহাটী,28 অক্টোবৰ: সম্প্ৰতি কিছু সুস্থিৰ হৈছে দেশৰ পৰিৱেশ ৷ স্বাভাৱিক পৰিৱেশৰ মাজলৈ ঘূৰি আহিব ধৰিছে দৈনন্দিন জীৱনযাত্ৰা ৷ হ্ৰাস হৈছে কৰ’ণা আক্ৰান্তৰ হাৰ ৷ প্ৰায় 4 মহীয়া বিৰতিৰ পিছত চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে চিনেমা হ’ল খোলাৰ ক্ষেত্ৰত ৷ সেই অনুসৰি, 15 অক্টোবৰৰ পৰা খোলাৰ কথা আছিল ৰাজ্যৰ চিনেমা হ’লসমূহ ৷ কিন্তু কৰ’ণা সংক্ৰমণৰ বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য ৰাখি এই দিন স্থগিত ৰখা হয় ৷ পৰৱৰ্তী 15 নৱেম্বৰত খোলাৰ সম্ভাৱনা আছে ৰাজ্যৰ চিনেমা হ’লসমূহ ৷

চলচিত্ৰপ্ৰেমীসকলৰ বাবে ভাল খবৰ

তাৰ মাজতে এটি ভাল খবৰ চলচিত্ৰপ্ৰেমীসকলৰ বাবে ৷ OTT মাধ্যম Mx player ত সংযোজন ঘটিব মন পচন্দৰ চিনেমাৰ ৷ এই ব্যৱস্থাৰ জৰিয়তে চলচিত্ৰপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব পচন্দৰ চিনেমা ৷ সম্পূৰ্ণ বিনামূলীয়া এই ব্যৱস্থাৰ বিষয়ে অৱগত কৰিলে ডংভেলী কনচাল্টটেঞ্চীৰ স্বত্বাধিকাৰী মোহিত নাৰু আৰু বইলাল গেংগটীয়ে ৷ টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ দেশৰ ভিতৰতে সৰ্ববৃহৎ OTT প্লেটফৰ্ম MX Player ত সন্নিৱিষ্ট কৰা হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰসমূহ ৷ যাৰ ফলত এতিয়াৰে পৰা বিনামূলীয়াকৈ উপভোগ কৰিব পৰা হ’ব মন পচন্দৰ চিনেমাসমূহ ৷

লগতে চাওকঃ উপাৰ্জনৰ উৎস হৈ পৰিছে পানী মেটেকা...

For All Latest Updates

TAGGED:

OTTMx player
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.