গুৱাহাটী,24 মে’ : অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ দেহাৱসান । সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত মৃত্যু হয় পৰিচালকগৰাকীৰ । দাৰা আহমেদৰ জ্যেষ্ঠ ভনীয়েক তথা বিশিষ্ট সাহিত্যিক, গীতিকাৰ এলি আহমেদে জনোৱা মতে, দেওবাৰে দুপৰীয়া ভাগত ভাত খাই উঠাৰ পাচতেই হঠাৎ বুকুত বিষ অনুভৱ কৰাত ততালিকে তেওঁক এপল’ হাস্পতালক ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকে লগে লগে আইচিইউত ভৰ্তি কৰে পৰিচালকগৰাকীক ।
কিন্তু আইচিইউৰ পৰা সুস্থ হৈ উঠিব নোৱাৰি সোমবাৰে পুৱা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় পৰিচালক দাৰা আহমেদে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ ৷
উল্লেখ্য যে, ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল এইগৰাকী পৰিচালে । ছবিসমূহৰ ভিতৰত- 'ৰিক্সাৱালা', 'যখিনী', 'উৰ্বশী', 'ধ্ৰুৱতৰা', 'দেৱী' (শম্ভু গুপ্তাৰ সৈতে যুটীয়াভাৱে ), 'পূজা' আদি অন্যতম ৷
আনহাতে জনপ্ৰিয় অসমীয়া ছবি 'ড৹ বেজবৰুৱা'ত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল দাৰা আহমেদে ৷ জনপ্ৰিয় পৰিচালকগৰাকীৰ মৃত্যুত টুইটাৰযোগে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : নগাঁৱৰ ৰাঙলু গড়াবাৰীত নলাত পৰি শিশুৰ মৃত্যু