ETV Bharat / state

নতুন ৰূপত ‘অসমীয়া বিজেপি বার্তা’ - অসমীয়া বিজেপি বার্তা বাতৰি

অসম ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ 48 সংখ্যক সংস্কৰণ উন্মোচন ৷ আলোচনীখন উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷

As_Assamese_BJP_Barta_magazine_relese_vis_AS10028
নতুন ৰূপত ‘অসমীয়া বিজেপি বার্তা’
author img

By

Published : Dec 1, 2020, 6:07 PM IST

গুৱাহাটী,1 ডিচেম্বৰঃ অসম ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তা’ৰ 48 সংখ্যক সংস্কৰণ উন্মোচন ৷ মঙলবাৰে বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আলোচনীখন উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷ আলোচনীখন উন্মোচন কৰি তেখেতে কয়, বিজেপি বার্তাই দলীয় কার্যকর্তাসকলক উৎসাহিত কৰাৰ লগতে অসমৰ জনসাধাৰণক বিজেপিৰ উন্নয়নমূলক কামকাজ সমূহৰ বিষয়েও অৱগত কৰাইছে ৷ সমাজৰ বাবে প্ৰয়োজনীয় তথ্যসমৃদ্ধ দলীয় আলোচনীখনে দলৰ কর্মপন্থাক ৰাইজৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷ ইয়াৰ উপৰিও তেখেতে দলীয় মুখপত্ৰ খনৰ ডিজিটেল সংস্কৰণৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰে ৷

নতুন ৰূপত ‘অসমীয়া বিজেপি বার্তা’

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শর্মাই প্ৰতিমাহে নির্ধাৰিত সময়ত মুখপত্ৰখন প্ৰকাশ কৰি উলিওৱাৰ বাবে আলোচনীখনৰ সম্পাদনা সমিতিক শুভেচ্ছা জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ আঁত ধৰি অসমীয়া বিজেপি বার্তা সম্পাদক ড৹ দেৱদত্ত বৰকটকীয়ে কয় যে, এইবাৰ নতুন ৰূপত প্ৰকাশ কৰি উলিওৱা দলীয় মুখপত্ৰখনত সূচীপত্ৰৰ নির্ঘণ্ট শীর্ষক এটা নতুন বিষয় অন্তর্ভূক্ত কৰা হৈছে । সূচীপত্ৰৰ নির্ঘণ্টত চলিত বছৰৰ জানুৱাৰীৰৰ পৰা ডিচেম্বৰলৈ প্ৰকাশিত বিষয়সমূহ দাঙি ধৰা হৈছে । অসমীয়া আলোচনীত সূচীপত্ৰৰ নির্ঘন্ট অন্তর্ভূক্ত কৰা এয়াই প্ৰথম পদক্ষেপ। বর্তমান সময়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ পৰা ‘অসমীয়া বিজেপি বার্তা’ৰ ৰঙীণ অলনাইন সংস্কৰণ উপলদ্ধ হ'ব বুলিও বৰকটকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক-বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.