গুৱাহাটী, 15 ডিচেম্বৰঃ গানেৰে প্ৰতিবাদ জুবিন, দীক্ষু আৰু শিল্পী সকলৰ ৷ মহানগৰীৰ চানমাৰী অভিযান্ত্ৰিক খেল পথাৰৰ পৰা শিল্পী সমাজৰ হুংকাৰ । জুবিন গাৰ্গৰ নেতৃত্বত অসমৰ শিল্পী সমাজৰ "শৈপ্লিক প্ৰতিবাদ" ।
প্ৰতিবাদী মঞ্চৰ পৰা জাতিৰ-মাটিৰ গান গাই প্ৰতিবাদ জনালে শিল্পী সকলে । প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰ খনক ধিক্কাৰ প্ৰতি গৰাকী শিল্পীৰ ।
শিল্পী সমাজৰ "শৈপ্লিক প্ৰতিবাদ" সমৰ্থন জনাবলৈ ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই একেখন মঞ্চৰ পৰা দিয়ে চৰকাৰক হুংকাৰ । নগন্য বাংলাদেশী ট্ৰেনেৰে গুজৰাট লৈ যোৱাৰ বাবে অনুৰোধ জনালে প্ৰধান মন্ত্ৰীক ।
আনহাতে, আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয়, ৰাজ্য চৰকাৰে আগন্তুক ৰঙালী বিহুৰ বাবে চৰকাৰৰ সৌজন্যত 200 বিহু পতাৰ পৰিকল্পনা কৰিছে ৷ চৰকাৰৰ 200 খন বিহুৰ বিপৰীতে শিল্পী সমাজে 2000 খন বিহু পাতিব বুলি মন্তব্য কৰে ।
আনহাতে, অসমৰ শিল্পী সমাজৰ শৈপ্লিক প্ৰতিবাদ স্থলীৰ পৰা দেবেন দত্তৰ উদাত্ত ভাষণ । বহিঃৰাজ্যৰ এক সংবাদমাম্যক স্পষ্ট উত্তৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাস নকৰে দেবেন দত্তই ।