গুৱাহাটী, ১০ জুলাই : শেহতীয়াভাৱে অসমীয়া ৰেঙনি চেনেলত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিক বেগমজানক লৈ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে ধাৰাবাহিকখনৰ নায়িকা প্ৰীতি কংগনাক এচিড ঢালি ধৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকি দিলে দুই যুৱকে ৷
এই ভাবুকিৰ পাছতে অভিনেত্ৰী গৰাকীয়ে দুই অভিযুক্ত যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত ৷ অভিনেত্ৰী গৰাকীয়ে এজাহাৰত ভাবুকি দিয়া দুই যুৱকৰ নাম আৰু ফোন নম্বৰ উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় আৰক্ষীক ৷
উল্লেখ্য যে, বেগমজান নামৰ ধাৰাবাহিকখন বন্ধ কৰিব লাগে বুলি বহুলোকে ইতিমধ্যে ভিন্ন প্ৰান্তত দাবী উখাপন কৰি আহিছে ।
লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আছুৰ মানৱ শৃংখল