গুৱাহাটী, 15 এপ্ৰিল: এইবাৰ বিহুৰ উৎসাহ নাই অভিনেতা নিপন গোস্বামীৰ বাসগৃহত। লক ডাউনৰ বাবে পুত্ৰ-বোৱাৰী আহিব নোৱাৰিলে গুৱাহাটীৰ ঘৰলৈ । পুত্ৰ বোৱাৰীৰ অবিহনেই স্ব-গৃহত সময় কটাইছে তেওঁ । বিহুৰ পিঠা-পনা নাই যদিও লুচি-ভাজিৰে বিহু পাতিছে নিপন গোস্বামীয়ে । আগৰ দৰে বিহুৰ উৎসাহ নাই বুলি কোৱাৰ লগতে তেতিয়াৰ দিনবোৰ ৰোমন্থন কৰি আবেগিক হৈ পৰে জ্যেষ্ঠ অভিনেতাগৰাকী । পত্নীয়ে বনোৱা পিঠাৰ সোৱাদ এতিয়াও পাহৰিব পৰা নাই তেওঁ ।
লগতে পঢ়ক : ৰাজপথত কৰ্মৰত আৰক্ষীক পিঠা বিতৰণ অসম ক্ৰীড়া সন্থাৰ