ETV Bharat / state

Highway construction in Assam: পাঁচ বছৰত অসমত নিৰ্মাণ কৰা হ’ল মাত্র ১১১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ

২০১৮ চনত অসমত ৰাষ্ট্ৰীয় ঘাইপথ আছিল ৩৫৬৬ কিলোমিটাৰ ৷ চলিত বৰ্ষৰ জুলাইত ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য হৈছে ৩৬৭৭ কিলোমিটাৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলং নিৰ্মাণৰ ৫৪টা প্ৰকল্পৰ ভিতৰত মাত্ৰ ১০টাহে সম্পূর্ণ হৈছে তিনি বছৰত ৷ কামৰ গতি অতি লেহেম গতিত চলাৰ বাবে যাতায়াত ব্যৱস্থাৰ নামত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিৰ লগতে বিধ্বস্ত বাট-পথে চৰম জীয়াতু ভোগাইছে সৰ্বসাধাৰণক ৷ ৰাজ্যসভাত উন্মোচিত কেন্দ্ৰৰ অসম প্ৰীতিৰ প্ৰকৃত স্বৰূপ ৷

Highway construction in Assam
Highway construction in Assam
author img

By

Published : Aug 8, 2023, 3:36 PM IST

গুৱাহাটী, ৮ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি আহিছে যদিও বাস্তৱত ইয়াৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা যায় ৷ অসমৰ প্ৰতি যে কেন্দ্ৰৰ অলপো গুৰুত্ব নাই সেই কথা কামৰ নমুনা দেখিলে সহজতে অনুমান কৰিব পাৰি ৷ বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰতি কেন্দ্ৰই কৰি অহা অবহেলা তথা বঞ্চনাৰ ছবিখন প্ৰকট হৈ আহিছে ৷ শেহতীয়াকৈ পুনৰ এবাৰ ৰাজ্যসভাৰ মজিয়াত উন্মোচিত হৈছে অসমক মোদী চৰকাৰে কৰা বঞ্চনা আৰু অৱহেলাৰ কথা ৷

Highway construction in Assam
ৰাজ্যত 5 বছৰত মাত্ৰ 111 কি.মি. ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

লক্ষণীয় বিষয় যে পথ যোগাযোগৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে কিন্তু অসমৰ বেলিকা সেই গুৰুত্ব দিয়া নাই ৷ অতি পৰিতাপৰ বিষয় যে বিগত চাৰে পাঁচ বছৰত অসমত নিৰ্মাণ কৰা হৈছে মাত্ৰ ১১১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ সততে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কথা কৈ অহা মোদী চৰকাৰৰ অসম প্ৰীতিৰ প্ৰকৃত স্বৰূপ শেহতীয়াকৈ উন্মোচিত হৈছে সংসদৰ মজিয়াত ৷

Highway construction in Assam
ৰাজ্যত শামুকীয়া গতিৰে চলিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাৰ মজিয়াত দিয়া তথ্যতে ওলাই পৰিছে অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিৰ কথা ৷ ৰাজ্যসভাত দিয়া তথ্য অনুসৰি ২০১৮ চনত অসমত ৩৫৬৬ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিল ৷

আনহাতে চলিত বৰ্ষৰ জুলাইত ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য হৈছে ৩৬৭৭ কিলোমিটাৰ ৷ অর্থাৎ বিগত চাৰে পাঁচ বছৰত ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ বৃদ্ধি পালে মাত্ৰ ১১১ কিলোমিটাৰ ৷ আনহাতে এই সময়ছোৱাত ১৪ কিলোমিটাৰ ছয়লেনযুক্ত আৰু ৫৮ কিলোমিটাৰ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা হৈছে ৷

ইফালে ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰা আৰু দলং নিৰ্মাণ কৰাৰ বাবে বিগত তিনি বছৰত মুঠ ৩০,৪৭৯ কোটি টকা ব্যয় সাপেক্ষে ৫৪ টা প্ৰকল্প হাতত লোৱা হৈছিল ৷ সেইদৰে মুঠ ৮৮৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু উক্ত প্ৰকল্পসমূহৰ ভিতৰত এতিয়ালৈকে মাত্ৰ দহটা প্ৰকল্পৰ কামহে সমাপ্ত হৈছে ৷ সেইদৰে পথ বহল কৰা হৈছে মাত্ৰ ১১৬ কিলোমিটাৰহে ৷

বৰ্তমান সময়ত অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ তথ্য অনুসৰি জালুকবাৰীৰ পৰা বশিষ্ঠ চাৰিআলিলৈকে নিৰ্মাণ কৰি থকা ছয়লেনযুক্ত পথছোৱাৰ কাম ২০২৪ চনৰ ২৯ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ আনহাতে এই প্ৰকল্পৰ বাবে ধার্য কৰা ৪৭০ কোটি টকাৰ ভিতৰত এতিয়ালৈকে ব্যয় হৈছে ২১১.৭৬ কোটি টকা ৷

সেইদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰী আৰু ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ কাম ২০২৮ চনৰ ১২ ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ ইতিমধ্যে দলংখনৰ বাবে অনুমোদিত ৪৯৯৭.০৪ কোটি টকাৰ ভিতৰত ১৩০১.৫৬ কোটি টকা ব্যয় হৈছে ৷ ইফালে ৰঙাগড়া আৰু কলিয়াবৰ তিনিআলিৰ মাজৰ ফ’ৰলেনযুক্ত পথছোৱাৰ কাম চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিও পথছোৱাৰ কাম সম্পূৰ্ণ হোৱা নাই ৷

আনহাতে দলাবাৰী-জামুগুৰিহাটৰ মাজৰ ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ কাম চলিত বৰ্ষতো সম্পূৰ্ণ হোৱাৰ কোনো আশা নাই ৷ জামুগুৰিহাট আৰু বিশ্বনাথ চাৰিআলিৰ মাজৰ পথছোৱাৰ কামো চলিত বৰ্ষৰ আগষ্টৰ মাহৰ ভিতৰত আৰু বিশ্বনাথ চাৰিআলি-গহপুৰৰ মাজৰ পথছোৱাৰ কাম চলিত বৰ্ষৰ ২২ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰা হৈছে ৷ কিন্তু এই ঘোষণা সময়ত অসাৰ প্ৰতিপন্ন হোৱাটো একপ্ৰকাৰ নিশ্চিত ৷

ইফালে যোৰহাট-জাঁজীৰ মাজৰ ফ'ৰলেন পথছোৱাৰ কাম চলিত বৰ্ষৰ ১৫ নৱেম্বৰৰ ভিতৰত, জাঁজী-ডিমৌৰ মাজৰ পথছোৱাৰ কাম অহা বৰ্ষৰ ২২ মাৰ্চৰ ভিতৰত, ডিমৌ- মৰাণ বাইপাছৰ মাজৰ পথছোৱাৰ কাম অহা বৰ্ষৰ ২১ জুলাইৰ ভিতৰত আৰু মৰাণ বাইপাছ বগীবিল জংছন সংযোগী ফ’ৰলেন পথ নিৰ্মাণৰ কাম অহা বৰ্ষৰ ৩১ আগষ্টৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

আনহাতে মাজুলী-যোৰহাট সংযোগী দলংখন ২০২৫ চনৰ ৮ জুলাইৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ ৯২৫.৪৭ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া দলংখনৰ বাবত ইতিমধ্যে ৭৬.৯৭ কোটি টকা ব্যয় কৰা হৈছে ৷ উল্লেখ্য যে কামৰ গতি অতি লেহেম গতিত চলাৰ বাবে যাতায়াত ব্যৱস্থাৰ নামত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিৰ লগতে বিধ্বস্ত বাট-পথে চৰম জীয়াতু ভোগাইছে সৰ্বসাধাৰণক ৷

বিশেষকৈ উজনিঅসম আৰু উত্তৰ অসমলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ শামুকীয়া গতিৰ বিষয়টো যোৱা সময়ছোৱাত প্ৰবলভাৱে চৰ্চিত হৈ আহিছে যদিও চৰকাৰে আজিলৈ গুৰুত্ব দিয়া নাই বিষয়টোত ৷ বছৰ বছৰ পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে উজনিত ফ’ৰলেনৰ কাম সম্পূৰ্ণ হোৱা নাই ৷

যাৰ ফলত উজনিৰ ফ'ৰলেন পথ একপ্ৰকাৰ মৰণ ফান্দত পৰিণত হৈছে ৷ আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফ’ৰলেন পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিক সাক্ষাৎ কৰাৰ পাচতো কোনো সুফল পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক: Road construction in Assam: কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা; অসমত তিনি মাহত ১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.