ETV Bharat / state

Assam weather forecast:আগন্তুক ১৮ জুলাই পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব বৰষুণ - Rains to continue in the state

ৰাজ্যত আগন্তুক ১৮ জুলাইলৈ বৰষুণ অব্যাহত থকাৰ কথা‌ সদৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

assam weather forecast
বতৰৰ আগজাননী
author img

By

Published : Jul 14, 2023, 8:21 PM IST

গুৱাহাটী, 14 জুলাই : বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সদৰি কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ জিলাসমূহৰ সকলোবোৰ ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰ সৈতে প্ৰৱল বৰষুণৰ সৈতে নামনি অসমৰ দুই এঠাইত অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

assam weather forecast
ৰাজ্যত অব্যাহত থাকিব বৰষুণ

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ‌ কৰা মতে, বিগত ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইতে বিজুলী ঢেৰেকণি সহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে নামনি অসমৰ দুই এঠাইত প্ৰৱল বৰষুণ হৈছিল । ৰাজ্যখনৰ যোৱাকালিৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা গুৱাহাটীত ৩৩.৯৹ ছেলছিয়াছ ৰেকৰ্ড হৈছিল ।

assam weather forecast
ৰাজ্যত অব্যাহত থাকিব বৰষুণ

আনহাতে ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ দ্বিতীয়টো ঢৌ । কেইবাখনো নৈ-উপনৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে । সম্প্ৰতি ৰাজ্যৰ দহখন জিলাৰ ডেৰ শতাধিক গাঁৱৰ ৪১ সহস্ৰাধিক জনসংখ্যা বানৰ কৱলত পৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, সম্প্ৰতি বিশ্বনাথ, বঙাইগাঁও, চিৰাং, ধেমাজি, কোকৰাঝাৰ, মাজুলী, নলবাৰী, তামুলপুৰ আৰু তিনিচুকীয়া জিলাৰ ১৯ টা ৰাজহ চক্ৰৰ ১৭৯ খন গাঁও বানৰ কৱলত পৰিছে ।

বানৰ ফলত প্ৰভাৱিত হৈছে ৪১,২৮৫ লোক, বুৰ গৈছে ২২১১ হেক্টৰ কৃষিভূমি । চিৰাঙত ১১টা আশ্ৰয় শিবিৰত ২৬৭১ বন্যার্তই আশ্ৰয় লৈ আছে । চিৰাঙৰ ৪৬খন গাঁও বানৰ কৱলত পৰিছে । আনহাতে, অধিক বান প্ৰভাৱিত আন জিলাকেইখন হ’ল— ধেমাজি, বিশ্বনাথ, মাজুলী, ডিব্ৰুগড় আৰু বঙাইগাঁও ৷ ইয়াৰে ধেমাজিৰ ৫১খন গাঁও, বিশ্বনাথৰ ২২খন গাঁও, মাজুলীৰ ১৯খন গাঁও, ডিব্ৰুগড়ৰ ১৭খন গাঁও আৰু বঙাইগাঁৱৰ ১৬খন গাঁও বানত বুৰ গৈ আছে ।

লগতে পঢ়ক : Chirang flood update: চিৰাঙত বানাক্ৰান্ত ৰাইজৰ বিলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.