ETV Bharat / state

Assam Trinamool Youth Congress: এবিভিপিত শিক্ষকৰ যোগদানৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিত শিক্ষকৰ যোগদানৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ ৷ শিক্ষামন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বনদীপ দত্তৰ ৷

Assam Trinamool Youth Congress
এবিভিপিত চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ যোগদান কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে
author img

By

Published : Aug 7, 2023, 7:10 PM IST

শিক্ষামন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী অসম তৃণমূল যুৱ কংগ্ৰেছৰ

গুৱাহাটী, ৭ আগষ্ট : বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিত চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ যোগদান কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছেও ৷

অসম তৃণমূল যুৱ কংগ্ৰেছেৰ সভাপতি বনদীপ দত্তই এক ভিডিঅ' বাৰ্তাত কয়-''বিজেপিৰ ছাত্ৰ সংগঠন হিচাবে পৰিচিত এবিভিপিত কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অধ্যাপকে যোগদান কৰাৰ কথাটোৱে আমাক যথেষ্ট উদ্বিগ্ন কৰিছে ৷ জে. বি. কলেজ, নৰ্থ লখিমপুৰ কলেজ আৰু গুৰুচৰণ কলেজৰ অধ্যাপকৰ এবিভিপিত যোগদানৰ সংবাদ ইতিমধ্যে প্ৰচাৰিত হৈছে ৷ এবিভিপিৰ সভাপতি পদত আছে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যাপক ৰবীন কাকতি ৷ চৰকাৰী মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক এটা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ সভাপতি হিচাবে কেনেকৈ কাৰ্যনিৰ্বাহ কৰি থাকিব পাৰিছে ৷ ৰাজ্যত আচলতে কি চলিছে ? চৰকাৰে এইবোৰ দেখা নাই নেকি?“ বাৰ্তাটোত এইদৰে প্ৰশ্ন কৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

চৰকাৰে এই পৰ্যন্ত এই অধ্যাপক সকলৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ যুৱ সংগঠনটোৱে ৷ সংগঠনটোৰ প্ৰশ্ন- “কিছুদিন পূৰ্বে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাত ভৱানীপুৰ সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশ লোৱাৰ বাবে; ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাক শিক্ষা বিভাগে তাৎক্ষণিকভাৱে নিলম্বন কৰিছিল ৷ এতিয়া আমাৰ প্ৰশ্ন হৈছে বিজেপিৰ লগত জড়িত হ'লে কোনো শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয়, কিন্তু সমাজৰ স্বাৰ্থত এক প্ৰতিবাদত অংশ লোৱাৰ বাবে আন কোনোবা শিক্ষকক শাস্তি দিয়া হয় কিয় ?”

লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক এই অধ্যাপক কেইগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে অসম তৃণমূল যুৱ কংগ্ৰেছে ৷

লগতে পঢ়ক : Assam State Kisan Sabha : বিজেপি চৰকাৰৰ কৃষকৰ আয় দুগুণ কৰাৰ প্রতিশ্রুতি ফুটুকাৰ ফেনত পৰিণত হৈছে; টিকেন দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.