ETV Bharat / state

TMC Press meet: জোনালী নাথৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত নাৰী সুৰক্ষিত নহয় বুলি মন্তব্য প্ৰকাশ কৰে অসম তৃণমূল মহিলা কংগ্ৰেছে । সোমবাৰে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি সংবাদমেলত নাৰীৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অসম তৃণমূল মহিলা কংগ্ৰেছে ।

Assam Trinamool Mahila Congress press conference
জোনালী নাথৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী
author img

By

Published : Jun 12, 2023, 7:14 PM IST

জোনালী নাথৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী

গুৱাহাটী,১২ জুন: গোৱালপাৰাত দেওবাৰে জোনালী নাথৰ হত্যাকাণ্ড তথা ৰাজ্যখনত নাৰী অসুৰক্ষিত হৈ পৰাৰ সন্দৰ্ভত অসম তৃণমূল মহিলা কংগ্ৰেছে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত কৰে এখনি সংবাদমেলৰ । সংবাদমেল সম্বোধন কৰি অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যখনত নাৰী অসুৰক্ষিত হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে ।

প্ৰসংগক্ৰমে তেওঁ শেহতীয়া উদাহৰণ হিচাপে গোৱালপাৰাত দেওবাৰে নিশা শাসনাধিষ্ঠ দলৰ নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰে । তেওঁ জোনালী নাথৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায় । আনহাতে অসম তৃণমূল মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী আখৰুনা বেগম আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁয়ে 'বেটী বচাও বেটী পঢ়াও' শ্ল'গান দিয়া চৰকাৰৰ দিনত নাৰীৰ সুৰক্ষা কিয় নোহোৱা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ লগতে শাসনত থকা চৰকাৰৰ নিজ দলৰ নেত্ৰীৰে য'ত নিৰাপত্তা নাই, তেনেস্থলত বাকী সাধাৰণ মহিলাৰ নিৰাপত্তা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰে । সংবাদমেলত লগতে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত জড়িতক কৰায়ত্ত কৰাত চৰকাৰৰ ব্যৰ্থতাৰ সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰে । লগতে নাৰী অপৰাধৰ ক্ষেত্ৰত অসমে এক নম্বৰ হোৱা বুলিও কটাক্ষ কৰে অসম তৃণমূল মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে ।

উল্লেখ্য যে, গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছিল বিজেপিৰ সক্ৰিয় কৰ্মী জোনালী নাথৰ মৃতদেহ ৷ দেওবাৰে নিশা উদ্ধাৰ কৰা হৈছিল বিজেপি নেত্ৰীগৰাকীৰ মৃতদেহ । নাথক হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল ৰাইজে ৷

ইতিমধ্যে জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ৰেজাউল কৰিম নামৰ এজন ব্যক্তিক আটক কৰিছে বুলি জানিবলৈ পৰা গৈছে । দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত গোৱালপাৰাৰ মাটিয়াৰ এখন হোটেলত শেষবাৰৰ বাবে ৰেজাউল কৰিমৰ সৈতে জোনালীক দেখা গৈছিল বুলি জানিবলৈ পৰা গৈছে । জোনালী নাথ বিজেপি দলৰ গোৱালপাৰা জিলাৰ সম্পাদিকা আছিল ।

লগতে পঢ়ক: Abhi Neel Mob lynching case: অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষ্য গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.