ETV Bharat / state

চেম ষ্টেফৰ্ডৰ পৰিয়ালে ন্যায় লাভ নকৰা পৰ্যন্ত যুঁজি যাব অসম তৃণমূল কংগ্ৰেছে

author img

By

Published : Jul 8, 2022, 10:30 PM IST

২০১৯ ৰ ১২ ডিচেম্বৰত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা মহানগৰীৰ হাতীগাঁৱৰ ছাত্ৰ, প্ৰতিভাৱান বাদ্যযন্ত্ৰী চেম ষ্টেফৰ্ডৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম তৃণমূল কংগ্ৰেছে (Sam Stafford killed in Guwahati)৷ চেমৰ পৰিয়ালে ন্যায় লাভ নকৰা পৰ্যন্ত দলটোৱে যুঁজি যাব বুলি কয় সংবাদমেলত ৷

family of Sam Stafford gets justice
family of Sam Stafford gets justice

গুৱাহাটী, 8 জুলাই: শুকুৰবাৰে গুৱাহাটীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিগন্ত ভূষণ বৰ্মন, অৰূপজ্যোতি ভূঞা আৰু বন্দীপ দত্তই এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ২০১৯ ৰ ১২ ডিচেম্বৰত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা মহানগৰীৰ হাতীগাঁৱৰ ছাত্ৰ, প্ৰতিভাৱান বাদ্যযন্ত্ৰী চেম ষ্টেফৰ্ডৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Sam Stafford killed in Guwahati)৷

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কা আন্দোলনৰ মাজতে আৰক্ষীৰ গুলীত চেমৰ মৃত্যু হোৱাৰ পিছতে হাতীগাঁও আৰক্ষী থানাত এগৰাকী অধিবক্তাৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছিল (Case on Sam Stafford murder)৷ আৰক্ষীয়ে ২০২১ চনৰ ৩ মাৰ্চত তদন্ত সম্পূৰ্ণ কৰি কামৰূপ মেট্ৰ’ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে ৷

আৰক্ষীয়ে তদন্ত প্ৰতিবেদনত এই ঘটনাক ভুলৱশতঃ সংঘটিত হোৱা বুলি উল্লেখ কৰি সমগ্ৰ ঘটনাক গাপ দিবলৈ প্ৰয়াস কৰিছিল বুলি উল্লেখ কৰে তৃণমূল দলে ৷ আদালতে শ্বহীদ চেম ষ্টেফৰ্ডৰ পিতৃলৈ জাননী জাৰি কৰাত শ্বহীদ পিতৃৰ অনুৰোধ মৰ্মে দলটোৰ সভাপতি ৰিপুন বৰাই আইনী সাহায্য দিয়াৰ ব্যৱস্থা কৰে ৷

শ্বহীদ পিতৃ বিজু ষ্টেফৰ্ডে আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ২৭/০১/২০২২ তাৰিখে আদালতত লিখিত আবেদন দাখিল কৰে ৷ চেমৰ পিতৃ বিজু ষ্টেফৰ্ডৰ আপত্তি আবেদনৰ ওপৰত আদালতে শুনানি গ্ৰহণ কৰি হাতীগাঁও আৰক্ষীৰ তদন্তকাৰী বিষয়াই তদন্ত কৰি দাখিল কৰা আবেদনখন যোৱা 26 জুনত নাকচ কৰে আৰু এই গোচৰটো অভিযোগৰ গোচৰ হিচাপে পঞ্জীয়নভুক্ত কৰে ৷

অসম তৃণমূল কংগ্ৰেছে আৰক্ষীৰ চূড়ান্ত তদন্ত প্ৰতিবেদনক নাকচ কৰি পুনৰাই অভিযোগৰ গোচৰ হিচাপে পঞ্জীয়ন কৰা আদালতৰ এই ৰায়ক আদৰণি জনাই চেমৰ পৰিয়ালে ন্যায় লাভ নকৰা পৰ্যন্ত যুঁজি যাব বুলি কয় ৷ উল্লেখ্য যে আদালতত এই সন্দৰ্ভত পৰৱৰ্তী শুনানি অহা ১৩ আগষ্টত হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : খাকীত দাগ: নগাঁৱত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ডকাইতিৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.