ETV Bharat / state

মহানগৰীত সাংবাদিকৰ প্ৰতিবাদ

নিউজ পেপাৰ এমপ্ল'ইজ (কণ্ডিচন এণ্ড চাৰ্ভিছ)এণ্ড মিছেলনাচ প্ৰভিনচন আইন 1955 বাতিল কৰিবলৈ ওলোৱাৰ দাবীত আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়নৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবেও চৰকাৰলৈ দাবী ৷

মহানগৰীত সাংবাদিকৰ প্ৰতিবাদ
author img

By

Published : Sep 4, 2019, 6:46 PM IST

গুৱাহাটী,4চেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে সাংবাদিক সকলৰ বাবে থকা আইন বাতিল কৰিব খোজাৰ প্ৰতিবাদত বুধবাৰে আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়নে উত্তাল কৰিলে মহানগৰীৰ ৰাজপথ ৷ প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে যে,নিউজ পেপাৰ এমপ্ল'ইজ (কণ্ডিচন এণ্ড চাৰ্ভিছ)এণ্ড মিছেলনাচ প্ৰভিনচন আইন 1955 বাতিল কৰি সংবাদকৰ্মীৰ জীৱন বিপদাপন্ন কৰিব খুজিছে কেন্দ্ৰীয় চৰকাৰে ৷ সাংবাদিকৰ অধিকাৰ খৰ্ব নকৰিব,মূল্যবৃদ্ধি ৰোধ কৰক আদি প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে চান্দমাৰী আছাম ট্ৰিবিউন কাৰ্যালয়ৰ পৰা মহানগৰীৰ ৰাজপথেৰে ৰাজভৱনলৈ সমদল উলিয়াই শীঘ্ৰে এই সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনাই কেন্দ্ৰীয় চৰকাৰক ৷

Intro:বুধবাৰে আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়নৰ প্ৰতিবাদত উত্তাল হল মহানগৰী ৷Body:বুধবাৰে আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়নৰ প্ৰতিবাদত উত্তাল হ'ল মহানগৰীৰ ৰাজপথ ৷ কেন্দ্ৰীয় চৰকাৰে সাংবাদিক সকলৰ বাবে থকা আইন বাতিল কৰিব খোজাৰ বিৰুধিতাৰে ৰাজপথত সমদল উলিয়াই প্ৰতিবাদ সাবস্ত্য কৰে ৷ নিউজ পেপাৰ এমপ্ল'ইজ ( কণ্ডিচন এণ্ড চাৰ্ভিছ)এণ্ড মিছেলনাচ প্ৰভিনচন আইন 1955 বাতিল কৰি সংবাদকৰ্মীৰ জীৱন বিপদাপন্ন কৰিব খুজিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ সাংবাদিকৰ অধিকাৰ খৰ্ব নকৰিব, মূল্যবৃদ্ধি ৰোধ কৰক বুলি প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে ৷ প্ৰতিবাদকাৰী সকলে চান্দমাৰী আছাম ট্ৰিবিউন কাৰ্যালয়ৰ পৰা সমদল উলিয়াই মহানগৰীৰ ৰাজপথেৰে ৰাজভৱনলৈ যাত্ৰা কৰে ৷ তেওঁলোকৰ দাবী অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে এই আইন বাতিল নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰক ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.