ETV Bharat / state

FlyBig flight : গুৱাহাটী আৰু শিলচৰৰ মাজত আৰম্ভ হ'ল ফ্লাইবিগৰ বিমান সেৱা

আজিৰে পৰা আৰম্ভ গুৱাহাটী আৰু শিলচৰৰ মাজৰ ‘ফ্লাইবিগ’ৰ বিমান সেৱা (FlyBig flight from Guwahati to Silchar)৷ আজি ‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ‘ফ্লেগ অফ’ কৰি ইয়াৰ শুভাৰম্ভনী কৰে পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই (Assam tourism minister flags off First FlyBig flight) ৷

author img

By

Published : Jun 1, 2023, 2:13 PM IST

FlyBig flight from Guwahati to Silchar
আৰম্ভ হ’ল ‘ফ্লাইবিগ’ৰ বিমান সেৱা
‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ‘ফ্লেগ অফ’

গুৱাহাটী, ১ জুন : গুৱাহাটী আৰু শিলচৰৰ মাজত আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল ‘ফ্লাইবিগ’ৰ বিমান সেৱা (FlyBig flight from Guwahati to Silchar)। ৰাজ্যৰ দূৰণিবটীয়া ঠাইসমূহৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ ‘‘অসম পর্যটন উন্নয়ন নিগম’’ আৰু ‘ফ্লাইবিগ’ৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি মর্মে এই সেৱা আৰম্ভ কৰা হৈছে । আজি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত ‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ‘ফ্লেগ অফ’ কৰি ইয়াৰ শুভাৰম্ভনী কৰে (Assam tourism minister flags off First FlyBig flight)।

অসম চৰকাৰৰ মন্ত্রীগৰাকীয়ে কয় যে দুয়োপক্ষৰ মাজৰ চুক্তি অনুসৰি ‘‘নন-উড়ান ৰুট’’ত আৰম্ভ কৰা এই বিমান সেৱাই আভ্যন্তৰীণ যাতায়ত ব্যৱস্থা উন্নত কৰি অন্যান্য দিশৰ লগতে ৰাজ্যখনৰ পর্যটন উদ্যোগত সুদূৰপ্রসাৰী প্রভাৱ পেলাব । এই বিমান সেৱা ‘‘ভায়েবিলিটি গেপ ফাণ্ডিং’’ (VGF)-ৰ জৰিয়তে অসম চৰকাৰৰ হৈ ‘‘অসম পর্যটন উন্নয়ন নিগম’’ৰ সহযোগত চলিব ।

মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাত বিগত সময়ছোৱাত অসমৰ প্রতি দেশী-বিদেশী পর্যটকৰ আগ্রহ বহুগুণে বৃদ্ধি পাইছে বুলি তেওঁ কয় । ‘ফ্লাইবিগ’ৰ বিমান সেৱা যাত্রীৰ বর্ধিত চাহিদা পূৰণ কৰাত যথেষ্ট সহায়ক হ’ব । আজিৰ প্রাৰম্ভিক উৰণত সর্বাধিক ৭২ জন যাত্রীৰ বিমানখনত ৬৩ জন লোকে ভ্রমণ কৰে ।

FlyBig flight from Guwahati to Silchar
আৰম্ভ হ’ল ‘ফ্লাইবিগ’ৰ বিমান সেৱা

‘ফ্লাইবিগ’ৰ এই বিমানে দৈনিক গুৱাহাটীৰ পৰা পুৱা ৭.৩০ বজাত যাত্রা কৰি পুৱাই ৮.৩০ বজাত গুৱাহাটীলৈ উভতি আহিব । উল্লেখ্য যে, এই বুজাবুজিৰ চুক্তিৰ অধীনতে ১ মে’ৰ পৰা গুৱাহাটী-ডিব্রুগড়- গুৱাহাটীৰ মাজতো ‘ফ্লাইবিগ’ৰ বিমান সেৱা আৰম্ভ কৰা হৈছিল ।

আজিৰ ‘‘ফ্লেগ অফ’’ অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, ‘ফ্লাইবিগ’ৰ অধ্যক্ষ সঞ্জয় নটৱৰলাল মাণ্ডৱীয়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : First FlyBig flight : গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী পোনপটীয়া যাত্ৰীবাহী দৈনিক বিমান সেৱা আৰম্ভ কৰিলে ফ্লাই বিগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.