ETV Bharat / state

গভীৰ সংকটত ৰাজ্যৰ পৰ্যটন উদ্যোগ - হাতী ছাফাৰী

ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত পর্যটন ক্ষেত্রখনৰ সৈতে বিগত তিনিটা দশক ধৰি জড়িত হৈ থকা কয়েলি ট্যুৰ এণ্ড ট্ৰেভেলচৰ মুখ্য কাৰ্যবাহী বিষয়া অৰিজিত পুৰকায়স্থই ক'লে উদ্যোগটোৱে সন্মুখীন হোৱা সমস্যাৰ কথা । প্রথমে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু তাৰ পাছত বিগত বছৰৰ লকডাউনে কোঙা কৰি পেলোৱা পর্যটন উদ্যোগটো এইবাৰৰ মিনি লকডাউনত একেবাৰে বিধ্বস্ত হৈ পৰিছে । ৰিজ’র্ট, হোটেল, ল’জসমূহৰ পৰা আৰম্ভ কৰি ট্যুৰ অপাৰেটৰ, টুৰিষ্ট গাইড, টেক্সি, জীপ ছাফাৰী, হাতী ছাফাৰীৰ সৈতে জড়িত সকলোৱেই এতিয়া বৃহৎ সংকটৰ সন্মুখীন হৈছে ।

assam tourism industry
গভীৰ সংকটত ৰাজ্যৰ পৰ্যটন উদ্যোগ
author img

By

Published : Jul 4, 2021, 7:28 PM IST

গুৱাহাটী, ৩ জুলাই : কৰ’ণাকালীন পৰিস্থিতিৰ বাবে ব্যাপক প্রত্যাহ্বানৰ সন্মুখীন হৈছে ৰাজ্যখনত ক্রমান্বয়ে ঠন ধৰি উঠা পৰ্যটন উদ্যোগটো(Tourism Industry)। প্রথমে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলন আৰু তাৰ পাছত বিগত বছৰৰ লকডাউনে (Lockdown) কোঙা কৰি পেলোৱা পর্যটন উদ্যোগটো এইবাৰৰ মিনি লকডাউনত (Mini lockdown) একেবাৰে বিধ্বস্ত হৈ পৰিছে । কর্মহীন হৈ পৰিছে পর্যটন ক্ষেত্রখনৰ সৈতে জড়িত হৈ থকা লাখ লাখ লোক । ৰিজ’র্ট, হোটেল, ল’জসমূহৰ পৰা আৰম্ভ কৰি ট্যুৰ অপাৰেটৰ(tour operator), টুৰিষ্ট গাইড (tourist guide), টেক্সি, জীপ ছাফাৰী(Jeep safari), হাতী ছাফাৰীৰ সৈতে জড়িত সকলোৱেই এতিয়া বৃহৎ সংকটৰ সন্মুখীন হৈছে ।

দিশাহাৰা হৈ পৰিছে এই উদ্যোগটোৰ লগত জড়িত লোকসকল । ইফালে ৰাজ্য চৰকাৰেও কোনো ধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই । আনকি বিগত বর্ষত ঘোষণা কৰা ‘সঞ্জীৱনী’(Sanjeevani scheme) নামৰ আঁচনিখনো চৰকাৰে আজিলৈকে ৰূপায়ণ নকৰিলে ।

assam tourism industry
গভীৰ সংকটত ৰাজ্যৰ পৰ্যটন উদ্যোগ

অসম চৰকাৰে পর্যটন উদ্যোগটোৰ ক্ষেত্রত দেখুওৱা এনে আওকণীয়া মনোভাৱৰ বিপৰীতে কিন্তু দেশৰ আন ৰাজ্যসমূহে পর্যটন উদ্যোগটোৰ পুনৰ উদ্ধাৰৰ বাবে হাতে-কামে লাগি পৰিছে । কেৰালা, গুজৰাট আদি ৰাজ্যই কৰ’ণা (Corona) মহামাৰীৰ সময়ত যাতে উদ্যোগটোৰ সৈতে জড়িত লোকসকল সংকটত নপৰে তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । অসমৰ ট্যুৰ অপাৰেটৰসকলৰ লগতে হোটেলসমূহৰ গৰাকীসকলে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুতৰ ফিক্সড চার্জৰ(electricity fixed charge) লগতে লাইচেন্স নৱীকৰণৰ মাচুলসহ আন আন কৰ ৰেহাই দিবৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও ৰাজ্য চৰকাৰখনে এই দাবীক কোনো গুৰুত্বই দিয়া নাই ।

এই সন্দর্ভত পর্যটন ক্ষেত্রখনৰ সৈতে বিগত তিনিটা দশক ধৰি জড়িত হৈ থকা কয়েলি ট্যুৰ এণ্ড ট্ৰেভেলচৰ (Koyeli Tours & Travels) মুখ্য কাৰ্যবাহী বিষয়া অৰিজিত পুৰকায়স্থই কয় যে ২০১৯ চনৰ শেষৰ পৰা 'কা' আন্দোলনৰ পাছৰে পৰাই ৰাজ্যৰ পর্যটন উদ্যোগটো সমস্যাৰ সন্মুখীন হৈ আহিছে । তেওঁ কয়-'এই সংকটৰ সময়ত চৰকাৰে পর্যটন ক্ষেত্রখনৰ সৈতে জড়িত লোকসকলক সহায় নকৰিলে উদ্যোগটো একেবাৰে বিধ্বস্ত হৈ পৰিব । বিষয়টো চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে লোৱা উচিত । আমি আশাৰে বাট চাই আছো বাজেটক লৈ কিয়নো বাজেটত পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকলৰ প্ৰতি দৃষ্টি ৰাখিব বুলি আমি আশাবাদী ।'

গভীৰ সংকটত ৰাজ্যৰ পৰ্যটন উদ্যোগ

তেওঁ লগতে কয় যে চৰকাৰে পর্যটন ক্ষেত্রখনৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ ট্রেইড লাইচেন্স(trade licence) নৱীকৰণৰ মাচুল ৰেহাই দিয়াৰ লগতে এই ক্ষেত্রখনৰ সৈতে জড়িত টেক্সি গাড়ীৰ ব্যৱসায়ীসকলৰ ই এম আইৰ(EMI) সুদ ৰেহাই দিব লাগে । লকডাউনৰ বাবে বহুসংখ্যক লোকে গাড়ীৰ ই এম আই দিব পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে হাতী ছাফাৰী আৰু জীপ ছাফাৰীৰ সৈতে জড়িত হৈ থকাসকলৰ বাবে বিশেষ সাহায্য আঁচনি ঘোষণা কৰিব লাগে । অসমত ছমাহ হে পর্যটন উদ্যোগটোৰ ব্যৱসায় হয় আৰু এই ছমাহো যদি ব্যৱসায় বন্ধ হৈ থাকে তেনেহ’লে পৰিস্থিতি কিমান ভয়াৱহ হ’ব সেয়া সহজে অনুমেয় ।

উল্লেখ যে সঞ্জীৱনী আঁচনিখন ৰূপায়ণ কৰিলে এই খণ্ডটোৰ লোকসকল যথেষ্ট উপকৃত হ'লহেতেন । কিন্তু চৰকাৰে এই ক্ষেত্রতো কোনো পদক্ষেপ হাতত লোৱা নাই । লক্ষণীয় বিষয় যে পৰ্যটন উদ্যোগটোৰ যোগেদি চৰকাৰে যথেষ্ট ৰাজহ লাভ কৰি আহিছে ।

বৰ্তমান পৰিস্থিতিত পর্যটন উদ্যোগটোৱে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে চৰকাৰে ৰাজহ লাভৰ পৰাও বঞ্চিত হৈছে । বিগত ডেৰ বছৰ ধৰি পর্যটন উদ্যোগটো এক প্রকাৰ বন্ধ হৈ আছে । এনে অৱস্থাত ৰাজ্যখনৰ কিমান ক্ষতি হৈছে সেয়া সহজে অনুমেয় ।

আনহাতে পর্যটকৰ ওপৰতে সম্পূর্ণ নির্ভৰশীল হোটেল, ৰিজ’র্টসমূহ এতিয়া একেবাৰে বন্ধ হোৱাৰ উপক্ৰম হৈ পৰিছে । ইতিমধ্যে বহু কর্মচাৰী কর্মহীন হৈ পৰিছে । যদিহে চৰকাৰে এই ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ নকৰে তেনেহ’লে অচিৰেই উদ্যোগটোলৈ যে কাল অমানিশা নামি আহিব সেয়া নিশ্চিত ।

লগতে পঢ়ক:অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.