আজিৰ 9 বজাৰ শীৰ্ষ দহটা বাতৰি-
হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত 3 অভিযুক্তক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ৷
"অসমৰ কা বিৰোধী আন্দোলনৰ সকলো গোচৰ এতিয়া মোৰ ওপৰত জাপি দিয়া হৈছে। অসম বাসীয়ে সমূহীয়া ভাৱে "কেব আৰু কা" ৰ বিৰোধিতা কৰিলে জগৰীয়া হ'লো কেৱল মই । মোক বলিৰ পঠা কৰা হৈছে" : অখিল গগৈ
জৈৱ্য বৈচিত্ৰৰ ভৰাঁল দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ চৰকাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব সদেী অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ ৷
প্ৰশাসনে ছাত্ৰ-ছাত্ৰী সকলক অলপমান সময় দিয়াৰ প্ৰয়োজন ৷ যাতে ছাত্ৰ-ছাত্ৰীসকলে হোষ্টেলত থকা সামগ্ৰীসমূহ লৈ যাবলৈ সময় পায় ৷
অতি সীমিত সংখ্যক যাত্রীৰে চলিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰীসমূহ । 2-3 জন যাত্ৰী লৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে চলাচল কৰিবলগীয়া হৈছে ফেৰীসমূহ । বৃহৎ লোকচানৰ সন্মুখীন হৈছে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগ ৷
'উজনি অসমৰ কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । এই ৰোগত আক্ৰান্ত হৈ লখিমপুৰ, বিশ্বনাথ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট আৰু নগাঁৱত প্ৰায় 15,867 টা গাহৰিৰ মৃত্যু হয় । ইয়াৰ পিছতে ৰাজ্যত গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰি দিয়া হয় ।
মঙলবাৰে শিলচৰ বিমান বন্দৰত অৱতৰণ কৰে বহিঃৰাজ্যৰ যাত্ৰী কঢ়িওৱা প্ৰথমখন বিমান । বিমানখনত আছিল দুটি শিশু সহ মুঠ 46 গৰাকী যাত্ৰী ।
সেই মহান শ্বহীদসকলক স্মৰন কৰি আজি বিজনী দেউকুৰাপাৰস্থিত আমছুৰ শ্বহীদ বেদীত তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । আমছুৰ সভাপতিয়ে দলীয় পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে ।
ৰাজ্য চৰকাৰৰ তৰফৰ হঠাৎ এই জাননী পোৱাত দূৰণিবটীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেল খালী কৰাত অসুবিধাৰ সৃষ্টি হৈছে ৷
বাৰিষাৰ আৰম্ভনিতেই কালৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এতিয়া নিদ্ৰা সৰিছে বৃহত্তৰ বৰঘুলী অঞ্চলটোৰ শ শ ৰাইজৰ ৷