ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি - Assam Top10 news

চাওঁক দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

Assam Top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Jul 24, 2020, 11:02 AM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

জাকাৰ্টা এছিয়ান গেমছত 4x400 ৰিলেৰ মিশ্ৰিত শাখাত ভাৰতীয় দলত আছিল মহম্মদ অনাছ, পুৱামা, হিমা দাস আৰু আৰকীয়া ৰাজীৱ ৷

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰা’ণত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত বৰ্তমান 8,019 গৰাকী ক‘ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷

ৰাজ্যত এতিয়া বানে সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ ৷ উজনিৰ পৰা নামনিলৈ চৌদিশে কেৱল পানী আৰু পানী ৷ হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ ৷

স্বাস্থ্য বিভাগৰ পৰা ফোনযোগে কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাচতেই ঢলি পৰি মৃত্যু হয় অট' চালকজনৰ ৷

ভাৰতীয় সেনাবাহিনীত মহিলা বিষয়াসকলক স্থায়ী কমিচন দিয়াৰ বাবে সিদ্ধান্ত লৈছিল উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ এমাহৰ পিছত, অৱশেষত কেন্দ্ৰই মহিলা বিষয়াসকলক সেনাবাহিনীত মুখ্য ভুমিকা পালন কৰিবলৈ অনুমতি প্ৰদান কৰে, যাৰ বাবে চৰকাৰী সমৰ্থন পত্ৰ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে ৷

যোৰহাটত আতংক সৃষ্টিকাৰী নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ বন বিভাগে পতা পিঞ্জৰাত বন্দী হ'ল পশুধন খাই ত্ৰাস চলোৱা বাঘটো ৷

চিৰাঙত আই নদীৰ বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত বৃহত্তৰ অঞ্চল । খহনীয়াত নিশ্চিহ্ন হোৱাৰ দিশে নেপালপাৰা গাঁও । খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব‍্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

কিশোৰীগৰাকীৰ গোচৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰি ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷

কৰিমগঞ্জ জিলাত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু ঘটে দুজন ব্যক্তিৰ ৷ চামিম আহমেদ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে যদিও কিৰণ শংকৰৰ মৃত্যু কৰ'ণাৰ বাবে হোৱা নাই বুলি জিলা উপায়ুক্ত আম্বামুথান এম পিয়ে সংবাদমেলৰ যোগে জনায় ।

জোনাই বেৰাচাপৰিত তিনিশতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ ৷ অতিশ্ৰীঘ্ৰে ধেমাজি জিলাৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবী অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.