ETV Bharat / state

পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি

পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি

Top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Sep 14, 2020, 9:00 AM IST

Updated : Sep 14, 2020, 11:02 AM IST

পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি-

1. পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুই যুৱক

দেওবাৰে নিশা ৰঙিয়াৰ ডোবক-বাহাৰঘাট পথত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা দুজন যুৱকৰে এজন মৃত আৰু এজন তেজেৰে লুতুৰি-পুতুৰি হৈ মৃত্যুৱে যুঁজি থকা অৱস্থাত উদ্ধাৰ ৷ কোনো অচিনাক্ত বাহনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

2. মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ক’ভিড-19 ৰ বাবে বিশেষ পদক্ষেপ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে দেওবাৰে মোৰ পৰিয়াল-মোৰ দায়িত্ব(MY FAMILY-MY RESPONSIBILITY) শীৰ্ষক এক পদক্ষেপ আৰম্ভ কৰিছে ৷ এই প্ৰচাৰৰ জৰিয়তে বৃহনমুম্বাই মিউনিচিপাল কৰ্পৰেশ্বনে মনগৰখনৰ পৰিয়ালসমূহক সাক্ষাৎ কৰিব আৰু প্ৰয়োজন অনুসাৰে আৰ্থিক সাহাৰ্য আৰু দিহা পৰামৰ্শ প্ৰদান কৰিব ৷

3. ভূৱন পাহাৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দৌৰাত্ম্য

ভূৱন পাহাৰ বন মাফিয়াৰ দপদপনি ৷ বন বিভাগৰ চকুৰ সমুখতে গছ কাটি তহিলং কৰিছে ভূৱন পাহাৰ বনাঞ্চল ৷ এই ঘটনাত দুজনকৈ বন বিষয়া জড়িত থকাৰ অভিযোগ ৷ খোদ বনমন্ত্ৰীৰ গৃহ জিলাত সংঘটিত হৈছে এই ঘটনা ৷

4. পূৱ বিলাসীপাৰাৰ চাপৰত কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ বিলাতী সুৰা

ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সুৰাৰ বিৰুদ্ধে আকস্মিক অভিযান ৷ চাপৰ নগৰৰ কেবাঠাইতো চলিল অভিযান । অভিযানত জব্দ তিনি লক্ষাধিক টকাৰ বিলাতী সুৰা । আটক জিবু ৰায় নামৰ এজন সুৰা ব্যৱসায়ী ।

5. কাতিৰামৰ বড়োৰ অভিযোগ; ভয়-ভাবুকিৰে বিটিচিত শাসন চলাইছিল বিপিএফে

বাগানপাৰা বিটিচি পৰিষদীয় সমষ্টিৰ আংগাৰধোৱা পলকাটাত এখন দলীয় নিৰ্বাচনী সভাত ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে ক্ষুৰধাৰ সমালোচনা কৰে বিপিএফ দলক ৷ তেওঁ কয় যে, 17 বছৰে বিপিএফে কোনো ধৰণৰৰ উন্নয়ন সাধন নকৰিলে বাগানপাৰা সমষ্টিত ৷ বিপিএফে শোষণ, লুণ্ঠন আৰু ভয়-ভাবুকিৰে বিটিচিত শাসন চলোৱা বুলি গুৰুতৰ অভিযোগ তোলে কাতিৰাম বড়োৱে ৷

6. কংগণা ৰাণাৱাটৰ নামত বজৰাত বিশেষ শাড়ী

চূৰাটৰ এগৰাকী কাপোৰ ব্যৱসায়ীয়ে নিজৰ উদ্যোগত কংগণা ৰাণাৱাটৰ সমৰ্থনত প্ৰস্তুত কৰিছে এক বিশেষ শাড়ী ৷ দেওবাৰে ব্যৱসায়ীগৰাকীয়ে I SUPPORT KANGANA খোদিত শাড়ীসমূহ বজাৰলৈ আগবঢ়াই দিয়ে ৷

7. ভাৰত-আমেৰিকা অসামৰিক পাৰমানৱিক চুক্তিৰ অন্তৰালত থকা ব্যক্তিগৰাকী

আৰজেডি দলৰ জ্যেষ্ঠ নেতা তথা লালু প্ৰসাদ যাদৱৰ বিশ্বস্ত সহযোগী ৰঘুবংশ সিঙৰ দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ দেশৰ গ্ৰাম্য আত্মসংস্থাপনৰ দিশত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ দৰে আঁচনি প্ৰৱৰ্তন কৰা আৰু ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰিত পাৰমানৱিক চুক্তিৰ অন্যতম হোতা আছিল ৰঘুবংশ প্ৰসাদ সিং ৷

8. চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !

চীনা সামৰিক বাহিনীৰ ওপৰত পেন্টাগণে প্ৰকাশ কৰা শেহতীয়া তথ্য একেবাৰে আপত্তিজনক বুলি আখ্যা দিয়ে বেইজিঙে ৷ বেইজিঙে আমেৰিকাৰ এই প্ৰতিবেদনক চীনা সামৰিক বাহিনী আৰু সামৰিক আন্তঃগাঁথনিৰ পৰিপন্থী বুলি কোৱাৰ লগতে এয়া সম্পূৰ্ণৰূপে ভুৱা বুলি আখ্যা দিয়ে ৷

9. মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সৈতে সাক্ষাৎ কংগনা ৰাণাৱটৰ

দেওবাৰে অভিনেত্ৰী কংগনা ৰাণাৱটে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎ কৰে ৷ সাক্ষাতৰ পাচত তেওঁ কয় যে, তেওঁ ৰাজ্যপাল গৰাকীক নিজৰ তেওঁৰ সৈতে হোৱা অন্যায়ৰ বিষয়ে কয় ৷ তেওঁৰ আশা যে তেওঁ ন্যায় পাব ৷

10. ইউ এছ অ’পেনৰ চেম্পিয়ন নাওমী অ’ছাকা

আজাৰেংকাক পৰাস্ত কৰি ইউ এছ অ’পেনৰ খিতাপ দখল জাপানাৰ খেলুৱৈ নাওমী অ’ছাকাৰ ৷ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডশ্লাম খিতাপ অৰ্জন নাওমীৰ ৷

Last Updated : Sep 14, 2020, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.