ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

চাওক দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

Assam top10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Aug 1, 2020, 11:00 AM IST

Updated : Aug 1, 2020, 12:45 PM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

1. আজি পবিত্ৰ ঈদ-উদ-জোহা

আজি পবিত্ৰ ঈদ-উদ-জোহা অথবা ঈদ-উদ-আজহা ৷ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকল পালন কৰিছে ত্যাগৰ প্ৰতিভূ স্বৰূপ এই উৎসৱটি ।

2. এবছৰ নহওঁতেই খহি পৰিল গড়কাপ্তানি পথৰ কালভাৰ্ট

টিংখাঙৰ লেঙেৰীত এবছৰতে খহিল পথৰ কালভাৰ্ট । অতি শীঘ্ৰেই এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰক দাবী স্থানীয় ৰাইজৰ ।

3. চিৰাঙত কৃষকৰ মাজত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণ

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ অধিনত তিনিখন ট্ৰেক্টৰৰ লগতে ১৪ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ লাভ কৰি উপাৰ্জন দুগুণ কৰাৰ আশাবাদী হিতাধিকাৰী কৃষক ৷

4. তিতাবৰৰ বালিজানত গৰু চোৰৰ সন্ত্ৰাস

তিতাবৰৰ বালিজানত শুকুৰবাৰে গৰু চোৰক আটক কৰে আৰক্ষীয়ে ৷ লগতে গৰু ৰচিত ভুৱা পত্ৰ ফাদিল কৰে আৰক্ষীয়ে ৷

5. দলং নিৰ্মাণত ব্যৰ্থতাক লৈ বিধায়কৰ বিৰুদ্ধে সৰৱ সমষ্টিবাসী

দলং নিৰ্মাণক লৈ সৰৱ হাইলাকান্দি জিলাৰ আলগাপুৰ নিৰ্বাচনী চক্ৰৰ উত্তৰ নাৰায়ণপুৰবাসী ৷ আলগাপুৰৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ ব্যৰ্থতা আৰু কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

6. 40 হাজাৰলৈ অতিক্ৰম ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ শুকুৰবাৰৰ দিনটোত পুনৰ মুঠ 1862 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰ লগে-লগে ৰাজ্যত আক্ৰান্তৰ সংখ্যা 40 হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে 98 গৰাকী ৷

7. অপৰিৱৰ্তিত বান পৰিস্থিতি : এনডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কেইবাটাও বান বিধ্বস্ত এলেকাত এনডিআৰএফৰ উদ্ধাৰ অভিযান । মুঠ 176 লোকৰ লগতে 5 টাকৈ পশুধনক নিৰাপদ স্থানলৈ প্ৰেৰণ অভিযানকাৰী দলটোৰ ৷

8. তেজপুৰত অচিৰেই নিৰ্মাণ কৰা হ'ব সংস্কৃতিক সংগ্ৰালায়ঃ মুখ্যমন্ত্ৰী

2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান অনুষ্ঠানত এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ ইপিনে 2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হয় নাট্যকাৰ ঐশ্বৰ্য কাকতি আৰু ভবেশ বৰুৱাক ৷ ঐশ্বৰ্য কাকতিয়ে মুখ্যমন্ত্ৰীৰ সমুখতে এই বটা উছৰ্গা কৰে তেওঁৰ সাংস্কৃতিক জীৱন আৰম্ভ কৰা বান থিয়েটাৰলৈ ৷

9. অসম চৰকাৰলৈ ভূটানৰ নৃপতিৰ কৃতজ্ঞতা প্ৰদান

ক’ভিড-19 সৃষ্ট লক্ ডাউনৰ সময়ত ভূটানলৈ সকলো জৰুৰী সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত অনুমতি তথা সহযোগিতা প্ৰদান কৰাৰ বাবে ভূটানৰ নৃপতি জিগমে খেচাৰেৰ পত্ৰ যোগে অসমৰ জনসাধাৰণৰ লগতে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে ৷

10. অসম চুক্তিৰ স্বাক্ষৰকাৰী আৰ ডি প্ৰধানৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ

প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী, প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব আৰ ডি প্ৰধানৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

Last Updated : Aug 1, 2020, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.