ETV Bharat / state

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি

Top10
মুখ্য দহটা বাতৰি
author img

By

Published : Sep 14, 2020, 11:03 AM IST

Updated : Sep 14, 2020, 1:01 PM IST

দিনৰ 11 বজাৰ মুখ্য দহটা বাতৰি-

1. আমগুৰিত শুৰপোকৰ আক্ৰমণত বিনষ্ট শ শ বিঘা কৃষিভূমি

শিৱসাগৰৰ আমগুৰিত সেউজীয়া পথাৰ বিনষ্ট কৰিছে শুৰপোকে ৷ চিন্তিত হৈ পৰিছে কৃষক সমাজ ৷ এই সন্দৰ্ভত আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অতমন্যতাই ক্ষোভিত কৰি তুলিছে দুৰ্ভগীয়া কৃষকসকলক ৷

2. সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যক্ৰমণিকা...

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনত ৰাজ্যসভাৰ উপাধ্যক্ষৰ মনোনয়ন কাৰ্য অনুষ্ঠিত হ'ব ৷ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হৈছে এন ডি এৰ হৰিবংশ নাৰায়ণ সিং আৰু আৰ জে ডিৰ মনোজ ঝা ৷ লগতে, কেন্দ্ৰীয় চৰকাৰে সংসদত বিলৰূপে 4 টা অধ্যাদেশ উত্থাপন কৰিব বুলি ৰাজ্যসভা বুলেটিনত প্ৰকাশ পাইছে ৷

3. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত '2020 EE 30' সন্মানৰে সন্মানিত অসম সন্তান

মালিগাঁৱৰ মৃদুল বৰালৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় সন্মান ৷ নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বন নামৰ এটা সংস্থাটোৰ পৰা আগবঢ়োৱা হৈছে এই সন্মান ৷ শেহতীয়াকৈ ঘোষিত হোৱা '2020 EE 30' ৰ বাবে নিৰ্বাচিত হৈছে মৃদুল বৰা নামৰ যুৱকজন ।

4. পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুই যুৱক

দেওবাৰে নিশা ৰঙিয়াৰ ডোবক-বাহাৰঘাট পথত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা দুজন যুৱকৰে এজন মৃত আৰু এজন তেজেৰে লুতুৰি-পুতুৰি হৈ মৃত্যুৱে যুঁজি থকা অৱস্থাত উদ্ধাৰ ৷ কোনো অচিনাক্ত বাহনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

5. কংগণা ৰাণাৱাটৰ নামত বজৰাত বিশেষ শাড়ী

চূৰাটৰ এগৰাকী কাপোৰ ব্যৱসায়ীয়ে নিজৰ উদ্যোগত কংগণা ৰাণাৱাটৰ সমৰ্থনত প্ৰস্তুত কৰিছে এক বিশেষ শাড়ী ৷ দেওবাৰে ব্যৱসায়ীগৰাকীয়ে I SUPPORT KANGANA খোদিত শাড়ীসমূহ বজাৰলৈ আগবঢ়াই দিয়ে ৷

6. ভূৱন পাহাৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দৌৰাত্ম্য

ভূৱন পাহাৰ বন মাফিয়াৰ দপদপনি ৷ বন বিভাগৰ চকুৰ সমুখতে গছ কাটি তহিলং কৰিছে ভূৱন পাহাৰ বনাঞ্চল ৷ এই ঘটনাত দুজনকৈ বন বিষয়া জড়িত থকাৰ অভিযোগ ৷ খোদ বনমন্ত্ৰীৰ গৃহ জিলাত সংঘটিত হৈছে এই ঘটনা ৷

7. চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !

চীনা সামৰিক বাহিনীৰ ওপৰত পেন্টাগণে প্ৰকাশ কৰা শেহতীয়া তথ্য একেবাৰে আপত্তিজনক বুলি আখ্যা দিয়ে বেইজিঙে ৷ বেইজিঙে আমেৰিকাৰ এই প্ৰতিবেদনক চীনা সামৰিক বাহিনী আৰু সামৰিক আন্তঃগাঁথনিৰ পৰিপন্থী বুলি কোৱাৰ লগতে এয়া সম্পূৰ্ণৰূপে ভুৱা বুলি আখ্যা দিয়ে ৷

8. ইউ এছ অ’পেনৰ চেম্পিয়ন নাওমী অ’ছাকা

আজাৰেংকাক পৰাস্ত কৰি ইউ এছ অ’পেনৰ খিতাপ দখল জাপানাৰ খেলুৱৈ নাওমী অ’ছাকাৰ ৷ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডশ্লাম খিতাপ অৰ্জন নাওমীৰ ৷

9. বামপন্থী সকল বৌদ্ধিক সন্ত্ৰাসবাদীঃ সত্য ৰঞ্জন বৰা

ইছলামিক সন্ত্ৰাসবাদীয়ে লাভ জেহাদৰ নামত মাটি জেহাদৰ দৰে কাম কৰি আহিছে বুলিও মন্তব্য আগবঢ়ায় ৷ নেতাগৰাকীয়ে লগতে কয় যে, ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ কোৰাণখন এশ চৈধ্য বাৰ এডিট কৰা হৈছে ৷

10. মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ক’ভিড-19 ৰ বাবে বিশেষ পদক্ষেপ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে দেওবাৰে মোৰ পৰিয়াল-মোৰ দায়িত্ব(MY FAMILY-MY RESPONSIBILITY) শীৰ্ষক এক পদক্ষেপ আৰম্ভ কৰিছে ৷ এই প্ৰচাৰৰ জৰিয়তে বৃহনমুম্বাই মিউনিচিপাল কৰ্পৰেশ্বনে মনগৰখনৰ পৰিয়ালসমূহক সাক্ষাৎ কৰিব আৰু প্ৰয়োজন অনুসাৰে আৰ্থিক সাহাৰ্য আৰু দিহা পৰামৰ্শ প্ৰদান কৰিব ৷

Last Updated : Sep 14, 2020, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.