ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি - Assam Top10

চাওক 1 বজাৰ শীৰ্ষ দহটা বাতৰি

Assam Top10
শীৰ্ষ দহটা বাতৰি
author img

By

Published : Aug 12, 2020, 12:55 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. EXCLUSIVE: জীৱনৰ অন্তিম মুহূৰ্তলৈকে ৰাজস্থানবাসীৰ হ'কে কাম কৰিমঃ শচীন পাইলট

ৰাহুল গান্ধীৰ সৈতে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বৈঠকৰ এটা দিন পাচতে ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় শচীন পাইলট ৷ ৰাজস্থানত এমাহজোৰা ৰাজনৈতিক সংকটে সমগ্ৰ দেশকে জোঁকাৰি যোৱাৰ সময়তে ৰাহুল গান্ধীৰ সৈতে এই বৈঠকে সৌহাদ্যপূৰ্ণ সমাধানৰ সংকেত প্ৰদান কৰিছিল ৷ 14 আগষ্টৰ পৰা আৰম্ভ হ'বলগা বিধানসভা অধিবেশনৰ পূৰ্বৰ এই সংকট সন্দৰ্ভত মন্তব্য আগবঢ়াই যুৱ কংগ্ৰেছী নেতাগৰাকীয়ে ৷

2. কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত বিডেনৰ

কমলা হেৰিছক উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ' বিডেনৰ ৷ কমলা হেৰিছ হৈছে ভাৰতীয় মূলৰ কেলিফৰ্নিয়াৰ ছিনেটৰ ৷ এগৰাকী তামিল মহিলাৰ কন্যা হৈছে কমলা হেৰিছ ৷

3. গোলকগঞ্জত বৃহৎ সংখ্যক চোৰাং গৰু জব্দ

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে দীৰ্ঘদিনৰ পৰা অব্যাহত আছে পশুধনৰ অবৈধ সৰবৰাহ ৷ বুধবাৰে আৰক্ষী তথা সেনা বাহিনীয়েয়ে জিলাখনৰ দুই পৃথক স্থানৰ পৰা জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা বৃহৎ সংখ্যক গৰু ৷

4. বনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত

মৰাণৰ সমীপত বুধবাৰে বনৰীয়া ঘোঁৰাৰ আক্ৰমণত আহত হৈছে এগৰাকী ছাত্ৰী ৷ নিতাইপুখুৰীৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে পুৱা টিউচন কৰিবলৈ আহি সন্মুখীন হয় উক্ত পৰিস্থিতিৰ ৷

5. বাংগালুৰুত হিংসাত্মক ঘটনাঃ 10জন আহত, 3 জনৰ মৃত্য়ু

বাংগালুৰুৰ অংকিড শ্ৰীনিবাস মূৰ্তিৰ সম্বন্ধীয় ভাতৃয়ে ছ'চিয়েল মিডিয়াত এটা বিশেষ সম্প্ৰদায়ক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে সংঘটিত হয় হিংসাত্মক ঘটনা ৷ যাৰ ফলত মৃত্যু হয় তিনি গৰাকীকৈ ব্যক্তিৰ ৷ এই ঘটনাৰ বাবে বাংগালুৰুত ইতিমধ্যে 144 ধাৰা জাৰী কৰাৰ উপৰিও বিধায়কজনৰ ভাতৃ নবীনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

6. COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ ৰাজ্যখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 5,35,601 গৰাকী লোক ৷ সম্প্ৰতি দেশত 6,43,948 গৰাকী লোকে কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে ৷

7. গোলাঘাটত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

গোলাঘাটত পূৰ্ণগতিত চলিছে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশাৱলী অনুসৰি গোলাঘাট আৰক্ষী,হোমগাৰ্ড তথা চিআৰপিএফৰ জোৱানে সমূহীয়াভাৱে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে ।

8. কৰ্ণাটকত বিধায়কৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ

কৰ্ণাটকৰ পুলকেশনগৰত বিধায়ক আকন্দ শ্ৰীনিৱাসৰ আত্মীয় ভাতৃৰ এক ফেচবুক প’ষ্টে সৃষ্টি কৰিছে সংঘৰ্ষৰ ৷ মঙলবাৰে এক বিশেষ সাম্প্ৰদায়িক গোটে শিলাবৰ্ষণ কৰাৰ লগতে বিধায়ক গৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰে ৷

9. তামুলপুৰত সংখ্যা লঘু ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী

মঙলবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থাই তামুলপুৰৰ গোৰেশ্বৰত মানৱ শৃংখল কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লাফিকুল ইছলামৰ হত্যাকাণ্ডত জড়িত অপৰাধীক চিনাক্ত কৰা,অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সাব্যস্ত কৰে প্ৰতিবাদ ৷

10. জম্মু-কাশ্মীৰত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা জোৱানৰ

বুধবাৰে জম্মু-কাশ্মীৰত চিআৰপিএফৰ এগৰাকী জোৱানে কৰ্তব্যৰত অৱস্থাত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা চলায় ৷ সেনা বিষয়াগৰাকী 141 বেটেলিয়নৰ শেৰগড়ী এলেকাত কৰ্তব্যৰত চিআৰপিএফ জোৱান এম দামোদৰ বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.