ETV Bharat / state

দিনৰ 1 বজাৰ মুখ্য দহটা বাতৰি

চাওক দিনৰ 1 বজাৰ মুখ্য দহটা বাতৰি

Assam Top 10 news
মুখ্য দহটা বাতৰি
author img

By

Published : Aug 2, 2020, 1:02 PM IST

দিনৰ 1 বজাৰ মুখ্য দহটা বাতৰি-

1. বাক্সাত হাতীৰ গচকত নিহত এজন

বাক্সা জিলাৰ তামুলপুৰত দেওবাৰে পুৱা হাতী-মানুহৰ সংঘাতত প্ৰাণ গ'ল এগৰাকী স্থানীয় লোকৰ ৷ উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

2. ভাৰত ভূূটান সীমান্তত বৃদ্ধি বনৰীয়া হাতীৰ উপদ্ৰৱ

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ খাদ্যৰ অভাৱৰ বাবে এইদৰে হাতীৰ জাক অঞ্চলটোলৈ অহাটো এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

3. পথ নিৰ্মাণৰ নামত লাখটকীয়া ফলক আঁৰিয়ে সামৰিলে দায়িত্ব

আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভূঞাহাট গাঁও পঞ্চায়তত আঠ লাখ টকা ব্যয় সাপেক্ষে ফেভাৰ ব্লকেৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল এটা পথ ৷ কিন্তু পথ নিৰ্মাণৰ নামত ফলক আঁৰিয়ে দায়িত্ব সামৰিছে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ উক্ত পথ নিৰ্মাণৰ বাবদ ২০১৭-১৮ বৰ্ষতে ধন আবণ্টিত হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ নহ’ল পথছোৱা ৷

4. নীলবাগানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাবালিকা

ৰহস্যজনকভাৱে গছৰ তলত ঘূৰি থকাৰ সময়তে নাবালিকাগৰাকীক নীলবাগানৰ কেইজন মান সচেতন যুৱক আৰু আৰক্ষীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে ৷ লগে লগে নাবালিকাগৰাকীক পিতৃ মাতৃৰ হাতত চমজাই দিয়ে আৰক্ষীয়ে ৷

5. পামবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

ৰঙাপৰাৰ পামবস্তিত বনৰীয়া হাতীৰ ত্ৰাস ৷ শনিবাৰে নিশা পামবস্তিত এটি বনৰীয়া হাতী প্ৰৱেশ কৰি ভাঙি পেলাই এটি বাসগৃহ ৷ দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীয়ে অঞ্চলটোত ত্ৰাস সৃষ্টি কৰি আহিছে যদিও বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ ৷

6. বন্ধুৰ বাবে এটা দিন !

বন্ধুত্ব দিৱস উপলক্ষে এক প্ৰতিবেদন...

7. নৃত্যৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ বিষ্ণুক প্ৰয়োজন এধানি সহায়ৰ

জটিল স্নায়ু ৰোগত আক্ৰান্ত বিষ্ণুৱে আকস্মিকভাৱে হেৰুৱাই পেলায় দুভৰিৰ শক্তি ৷ বিগত প্ৰায় এবছৰে শয্যাশায়ী হৈ ৰৈছে প্ৰতিভাৱান যুৱ শিল্পী গৰাকী ৷ মুম্বাইত বিশেষভাৱে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি বিগত প্ৰায় ১৫ টা বছৰে ৰাজ্যত নৃত্য শিল্পৰ সৈতে জড়িত হৈ থকা বিষ্ণু আজি অৱশ-ক্লান্ত ৷

8. দেশৰ ক্ৰীড়া পুৰস্কাৰ নিৰ্বাচনী কমিটীত অসম কন্যা মনালিছা বৰুৱা মেহতা

ক্ৰীড়া পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা দেশৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন 12 জনীয়া কমিটীখনত সদস্য হিচাপে আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ, টীম ইণ্ডিয়া হকীৰ প্ৰাক্তন অধিনায়ক চৰ্দাৰ সিং, পেৰা এথলেটিকছৰ দীপা মালিক ৷

9. ৰাম মন্দিৰ আধাৰশিলা স্থাপনৰ বাবে নিৰ্মাণ 1.25 লাখ মাটিৰ চাকি

ৰাম মন্দিৰ আধাৰশিলা স্থাপনত ব্যৱহাৰ হ'ব 1.25 লাখ মাটিৰ চাকি ৷ অযোধ্যাৰ এগৰাকী স্থানীয় মৃৎ শিল্পীয়ে এই চাকি নিৰ্মাণৰ কাম লাভ কৰিছে বুলি জানিবলৈ দিয়ে অযোধ্যাৰ এগৰাকী স্থানীয় শিল্পীয়ে ৷

10. নতুন শিক্ষা নীতিত আইনী সমৰ্থন,যোগাত্মক ব্যৱস্থাৰ অভাৱ : ফৈজান মুস্তাফা

দেশত বিশ্ববিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত তিনিটা বিধি আছে ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখন কেন্দ্ৰীয় আইনৰ অধীনত গঠন হয়,ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ এখন ৰাজ্যিক আইনৰ অধীনত গঠন হয় আৰু তৃতীয়তে UGC ৰ অনুমোদনত এক কাৰ্যকৰী আদেশৰ জৰিয়তে বিশ্ববিদ্যালয় গঠন কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.