গুৱাহাটী, ২৮ আগষ্ট : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মহিন্দ্রা এণ্ড মহিন্দ্রা লিমিটেডে কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা (চি এছ আৰ) নীতিৰ আধাৰত আগবঢ়ােৱা ১৫ খন এম্বুলেঞ্চ আৰু অক্সিজেন কনচেনট্রেটৰ জনগণৰ সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে ।
এই উপলক্ষে আয়ােজন কৰা সভাত মুখ্যমন্ত্রীয়ে কয় যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপৰ বাবেই শেহতীয়াকৈ দৈনিক ক'ভিড আক্রান্তৰ সংখ্যা ৫০০ৰ তললৈ হ্রাস পাইছে । এয়া নিঃসন্দেহে এক আশাৰ বতৰা। কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ এল মাণ্ডাভিয়াৰ শেহতীয়া অসম ভ্রমণৰ পিছতে ৰাজ্যখনে পর্যাপ্ত পৰিমাণৰ ক'ভিড প্রতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে ।
![assam-to-vaccinate-70-lakhs-of-its-people-against-covid-in-the-month-of-august](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-07-cm-program-at-janata-bhawan-7209925_28082021202910_2808f_1630162750_652.jpg)
চলিত মাহতে বর্তমানলৈকে ৬১ লাখ লােকক প্রতিষেধক প্রদান কৰা হৈছে আৰু এই মাহটোৰ অন্ত পৰালৈকে প্রতিষেধক লাভ কৰা লােকৰ সংখ্যা এমাহতে ৭০ লাখ অতিক্রম কৰাৰ পূর্ণ সম্ভাৱনা আছে। এই ধাৰা অব্যাহত ৰাখি আগন্তুক মাহতাে ৫০ লাখ লােকক ক'ভিড ভেকচিন প্রদান কৰা হ'ব বুলি ড৹ শৰ্মাই জানিবলৈ দিয়ে ৷
মুখ্যমন্ত্রী গৰাকীয়ে লগতে কয় যে, কেন্দ্রীয় চৰকাৰৰ সহযােগিতা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিষয়া-কর্মচাৰীসকলৰ নিষ্ঠাপূর্ণ সেৱাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে । ৰাজ্যখনৰ বহুসংখ্যক লােকে প্রথম পালি ভেকচিন লােৱাৰ পিছত দ্বিতীয় পালি ভেকচিন লােৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে ক'ভিড মহামাৰীৰ পৰা সুৰক্ষা লাভৰ বাবে সকলো লােকক দ্বিতীয় পালি ভেকচিন লােৱাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
![assam-to-vaccinate-70-lakhs-of-its-people-against-covid-in-the-month-of-august](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-07-cm-program-at-janata-bhawan-7209925_28082021202910_2808f_1630162750_753.jpg)
ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, ক'ভিডৰ দ্বিতীয়টো ঢৌৰ সময়ছােৱাত ৰাজ্যখনৰ প্রায় ৪৫ হাজাৰ লােকে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে । ক'ভিডৰ প্রথমটো ঢৌৰ সময়তাে প্রায় সমসংখ্যক লােকে এইদৰে বৰঙণি আগবঢ়াইছিল । মহামাৰীৰ এই প্রতিকূল সময়ছােৱাত ৰাজ্যখনৰ জনসাধাৰণৰ মানৱীয় চৰিত্র আৰু সহানুভূতিৰ পূর্ণ প্রতিফলন ঘটা বুলিও তেওঁ মন্তব্য কৰে ।
মহামাৰীৰ প্রেক্ষাপটত আৰোপ কৰা বাধা-নিষেধমসূহ আগন্তুক ছেপ্টেম্বৰ মাহৰ প্রথম সপ্তাহত বহু পৰিমাণে শিথিল কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে বাধা-নিষেধসমূহ শিথিল হােৱাৰ পিছতাে জনসাধাৰণক ক'ভিডৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় । ৰাজ্যখনৰ জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ বাবে মহিন্দ্র এণ্ড মহিন্দ্র লিমিটেডে এম্বুলেঞ্চ আৰু অক্সিজেন কনচেনট্রেটৰ আগবঢ়াোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্রীয়ে ৷
তেওঁ কয় যে, প্রতিষ্ঠানটোৰ সৈতে অসমৰ এক সু-সম্পর্ক আছে । প্রতিষ্ঠানটোৱে আগবঢ়ােৱা এই চিকিৎসা উপকৰণসমূহে ক'ভিড পৰিস্থিতিৰ সময়ত জনসাধাৰণৰ চিকিৎসাৰ সহায়ক হােৱাৰ উপৰি পৰৱর্তী পর্যায়ত ই ৰাজ্যখনৰ চিকিৎসা ক্ষেত্রখনত উপযােগী হৈ থাকিব । ৰাজ্যখনৰ কৃষি ক্ষেত্রৰ উত্তৰণৰ বাবেও কোম্পানীটোৱে সহযােগিতাৰ হাত আগবঢ়াই আহিছে বুলিও তেওঁ উল্লেখ কৰে ।
স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত , মুখামন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ড এছ লক্ষ্মণন, মহিন্দ্র এণ্ড মহিন্দ্র লিমিটেডৰ জ্যেষ্ঠ প্রৱন্ধক নৱজিৎ শর্মা, আঞ্চলিক প্রবন্ধক সুভ্ৰত দত্ত প্রমুখ্যে ভালেসংখ্যক লোক উপস্থিত আছিল ।
লগতে পঢ়ক : দিশপুৰত প্ৰমোদ বড়ো: পুনৰ হাগ্ৰামাৰ দখললৈ বড়োভূমি !