ETV Bharat / state

৪০ দেশৰ প্ৰতিনিধিক আদৰিবলৈ ৰমক জমক অসম বিধানসভা - ৪০ দেশৰ প্ৰতিনিধিক আদৰিবলৈ ৰমক জমক অসম বিধানসভা

অহা ৯ এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সন্মিলন (Assam to host Commonwealth Parliamentary Association summit)। অসম বিধানসভাৰ চৌহদত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত লোকসভাৰ অধ্যক্ষই উদ্বোধন কৰিব সন্মিলনৰ । ১১ আৰু ১২ এপ্ৰিলত অসম বিধানসভাত অনুষ্ঠিত হ'ব ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু প্ৰধান সচিবসকলৰ সন্মিলন ।

Assam
ৰমক জমক অসম বিধানসভা
author img

By

Published : Apr 6, 2022, 3:31 PM IST

গুৱাহাটী, ৬ এপ্ৰিল : প্ৰথমবাৰলৈ উত্তৰ-পূৱ ভাৰতত মূলতঃ অসমত অনুষ্ঠিত হ'ব কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সন্মিলন (Assam to host Commonwealth Parliamentary Association summit)। ৯ এপ্ৰিলৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ শুভাৰম্ভ কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই (Om Birla will inaugurate CPA summit)। অসম বিধানসভা চৌহদত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলন ৯ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত লোকসভাৰ অধ্যক্ষ গৰাকীয়ে শুভ উদ্বোধন কৰিব ।

সেয়েহে এতিয়া অসম বিধানসভাৰ চৌহদত চলিছে যুদ্ধকালীন তৎপৰতা । চালে চকুৰোৱাকৈ অসম বিধানসভাক সজাই তোলাৰ বাবে অহৰ্নিশে চেষ্টা চলিছে । কেউদিশৰে পৰা ৰমক জমক কৰি তোলা হৈছে সমগ্ৰ অসম বিধানসভা চৌহদ ।

Assam
ৰমক জমক অসম বিধানসভা

সন্মিলনৰ এই প্ৰস্তুতি সন্দৰ্ভত অসম বিধানসভাৰ প্ৰধান সচিব তথা জ্যেষ্ঠ আই এছ বিষয়া হেমেন দাসে ইটিভি ভাৰতক সবিশেষ জানিবলৈ দি কয় যে বিশ্বৰ কমনৱেল্থ দেশসমূহক ৯ টা মণ্ডলত ভাগ কৰা হৈছে । যেনে দক্ষিণ-পূৱ এছিয়া মণ্ডল, আফ্ৰিকা মণ্ডল আদি । আমাৰ ভাৰতবৰ্ষও এটা মণ্ডল । এই ৯ টা মণ্ডলৰ যি কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছন সেই এছ'চিয়েছনৰ এয়া মিড ইয়েৰ এক্সিকিউটিভ কমিটিৰ বৈঠক (CPA mid year executive committee meeting in Assam)।

এই ৯ টা মণ্ডলৰ প্ৰতিটোৰ পৰা তিনিজনকৈ কাৰ্যনিৰ্বাহক সদস্য আছে । অৰ্থাৎ ২৭ গৰাকী কাৰ্যনিৰ্বাহক সদস্য । তেওঁলোকৰ ভিতৰত ১২ গৰাকীয়ে এই বৈঠকত ভিন ভিন দেশৰ পৰা আহি ভাগ ল'ব আৰু বাকী কেইগৰাকীয়ে ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিব । এই ১২ গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ লগত বৈঠকত ভাগ ল'বলৈ অসমলৈ আহিব সংশ্লিষ্ট দেশসমূহৰ আৰু বহুসংখ্যক শীৰ্ষ আমোলা-বিষয়া ।

সেই অনুসৰি বিভিন্ন দেশৰ ৪০ গৰাকী মুঠ প্ৰতিনিধিয়ে এই বৈঠকত ভাগ ল'ব । ৯ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত অসম বিধানসভাত লোকসভাৰ অধ্যক্ষই এই বৈঠকৰ শুভ উদ্বোধন কৰিব । কেৱল উদ্বোধনী অনুষ্ঠানটো বিধানসভাত অনুষ্ঠিত হোৱাৰ পাছত ৯ আৰু ১০ এপ্ৰিলৰ দুয়োদিনাৰ কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ কাৰ্যনিৰ্বাহক বৈঠক হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হ'ব ।

আনহাতে, বিধানসভাৰ প্ৰধান সচিবগৰাকীয়ে আৰু জানিবলৈ দিয়ে যে দুদিনীয়া সেই কাৰ্যনিৰ্বাহক বৈঠকৰ সমাপ্তিৰ পিছত ১১ আৰু ১২ এপ্ৰিলত অসম বিধানসভাত অনুষ্ঠিত হ'ব ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু প্ৰধান সচিবসকলৰ সন্মিলন (Conference of Speaker, Vice President and Principal Secretaries of the Assembly)। য'ত উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষও । ইপিনে, কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সভাত ভাগ ল'বলৈ অহা দেশী-বিদেশী অতিথিসকলক অসমৰ বহুৰঙী কৃষ্টি সংস্কৃতিৰ আভাস দিবলৈ হোটেল ৰেডিছন ব্লূৰ বাকৰিত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰো দিহা কৰিছে অসম বিধানসভা সচিবালয়ে । তেনেদৰে অতিথিসকলৰ বাবে পবিতৰা, কামাখ্যা, শুৱালকুছি আদি ভ্ৰমণৰো ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :Paddy seeds production in Assam : ধানৰ বীজ উৎপাদনত স্বাৱলম্বী হৈছে অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.