ETV Bharat / state

Ban packaged drinking water bottles: 2 অক্টোবৰৰ পৰা ৰাজ্যত নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল - নিষিদ্ধ

কাইলৈৰ ৰাজ্যত নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল ৷ দেওবাৰে মহানগৰীৰ গান্ধী মণ্ডপত শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Assam to Ban Packaged Drinking Water Bottles
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 4:28 PM IST

নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল

গুৱাহাটী, ১ অক্টোবৰ: চলিত বৰ্ষৰ 2 অক্টোবৰ অৰ্থাৎ কাইলৈৰ ৰাজ্যত নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল ৷ অহাবছৰৰ পৰা নিষিদ্ধ হ’ব ৫০০ এম এল পানীৰ বটল ৷ পূৰ্বে চলিত বৰ্ষৰ 2 অক্টোবৰৰ পৰাই 500 এম এলৰ পানীৰ বটল নিষিদ্ধ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যদিও এতিয়া কেৱল 250 এম এলৰ পানীৰ বটল নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিভিন্ন অসমীয়া তথা থলুৱা উদ্যোগীয়ে 500 ইউনিটৰ উদ্যোগ স্থাপন কৰিছিল ৷ এই উদ্যোগীসকলে 500ৰ পৰা 1 লিটাৰলৈ যন্ত্ৰ-পাতি উন্নত কৰিবলৈ চৰকাৰৰ পৰা কিছু সময় বিচাৰিছে ৷ সেয়েহে থলুৱা উদ্যোগীসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে সোমবাৰৰ পৰা 250 এম এলৰ পানীৰ বটল নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে ৷

অহা বছৰৰ 2 অক্টোবৰৰ পৰা বন্ধ হ’ব 500 এম এলৰ পানীৰ বটল ৷ এই সময়ছোৱাৰ ভিতৰত উদ্যোগীসকলে তেওঁলোকৰ যন্ত্ৰ-পাতিসমূহ পৰিৱৰ্তন কৰিব পাৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে এই উদ্যোগসমূহৰ যন্ত্ৰপাতি সলনি কৰোতে হোৱা খৰচৰ ১০ শতাংশ ৰাজ্য চৰকাৰে ব্যয় কৰিব বুলি মন্তব্য কৰে তেওঁ ৷

উল্লেখ্য যে, দেওবাৰে মহানগৰীৰ গান্ধী মণ্ডপত শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ হাতত ঝাডু লৈ গান্ধী মণ্ডপৰ চৌহদ পৰিষ্কাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই কাৰ্যসূচীত উপস্থিত হৈ তেওঁ এক অভিলাষী আঁচনি ঘোষণা কৰে ৷ তেওঁ কয় অসমত ২২ হাজাৰ ৪২২ টা স্থানত শ্ৰমদানৰ কাম চলিছে ৷ ১ ঘন্টাৰ শ্ৰমদানে সকলোকে বুজাই দিব চাফাই কৰ্মীসকলৰ কষ্টৰ কথা ৷

অসমৰ চাফাই কৰ্মীসকলৰ বাবে ২০০০ নতুন ঘৰ নিৰ্মাণ কৰাৰ আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব এই বাসগৃহসমূহ ৷ পৌৰ নিগমৰ কৰ্মীৰ বাবে নিৰ্মাণ হ'ব ২০০০-২২০০ ঘৰ ৷ আজিৰ দিনটোতে গঠন হ'ব চাফাই কৰ্মী আয়োগ ৷ ইতিমধ্যে এই সন্দৰ্ভত আইন অনুমোদিত হৈছে ৷

লগতে মেট্ৰিক পাছ কৰা চাফাই কৰ্মীৰ সন্তানে ১০ হাজাৰ টকাকৈ স্কলাৰশ্বীপ পাব বুলিও কয় তেওঁ ৷ উচ্চতৰ মাধ্যমিক পাছ কৰাসকলে পাব ১৫ হাজাৰ টকা ৷ ডাক্তৰ, ইঞ্জিনিয়াৰ তথা প্ৰফেশ্যনেল পাঠ্যক্ৰম পঢ়াসকলে বছৰি ৫০ হাজাৰ টকাৰ এককালীন বিত্তীয় সহায় পাব ৷ এই আচঁনি অহাবছৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব বুলি কয় তেওঁ ৷

আনহাতে চৰৰ মানুহে মোক ভোট দিব নালাগে, সমৰ্থন দিয়ক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷ তেওঁ কয় যে, ১০ বছৰৰ পিছতহে চৰত ভোট বিচাৰিম ৷ মোক ভোট দিয়া মানুহে ছোৱালী স্কুলত পঠাব লাগিব ৷ মোক ভোট দিয়া মানুহে বাল্য বিবাহ কৰিব নোৱাৰিব ৷ মোক ভোট দিয়া মানুহৰ সন্তান দুটা বা তিনিটাতকৈ বেছি হ'ব নোৱাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ইফালে বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কে তেওঁ কয় যে, বিদ্যুৎ মাচুল বৃদ্ধি পোৱা বাতৰিটো ভুল হৈছে ৷ ৩০০ ইউনিটৰ ওপৰত ব্যৱহাৰ কৰা সকলৰ বাঢ়িছে ৷ ৫০০ ইউনিট অৰ্থাৎ চৰকাৰী কাৰ্যালয়ৰ বাবে বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : Cleanliness drive in India : প্ৰধানমন্ত্ৰীৰ স্বচ্ছ অভিযানৰ প্ৰতি ব্যাপক সঁহাৰি দেশবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.