ETV Bharat / state

অসমলৈ আহি ক'লা পতাকাৰ সন্মুখীন অমিত শ্বাহ-জে পি নাড্ডা

author img

By

Published : Oct 7, 2022, 8:36 PM IST

গুৱাহাটীত ক’লা পতাকাৰ সন্মুখীন হ’ল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক ৷ অসম তৃণমূল কংগ্ৰেছৰ কেইজনমান সদস্যই প্ৰদৰ্শন কৰে ক’লা পতাকা (Black flag protest against Amit Shah) ৷

অসমলৈ আহি ক'লা পতাকাৰ সন্মুখীন হ’ল অমিত শ্বাহ আৰু জে পি নাড্ডা

গুৱাহাটী, ৭ অক্টোবৰ: বহুকেইটা কাৰ্যসূচী লৈ আজি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক ক'লা পতাকা প্ৰদৰ্শন কৰিলে অসম তৃণমূল কংগ্ৰেছে (Black flag protest against Amit Shah)। বৰঝাৰৰ বিমান বন্দৰৰ পৰা বাহনেৰে গৈ থকা অৱস্থাত অসম তৃণমূল কংগ্ৰেছৰ কেইজনমান সদস্যই ৰাজপথৰ দাঁতিত থিয় হৈ অমিত শ্বাহ আৰু জে পি নাড্ডাক ক’লা পতাকা প্ৰদৰ্শন কৰে (TMC shows black flag in Guwahati)।

ক'লা পতাকাৰ সন্মুখীন হ’ল অমিত শ্বাহ আৰু জে পি নাড্ডা

উল্লেখ্য যে বানত ককবকাই থকা সময়ত অসমৰ শোচনীয় পৰিস্থিতি চাবলৈ আহিবলৈ আহৰি নোপোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ক'লা পতাকা দেখুৱাই অসম তৃণমূল যুৱ কংগ্ৰেছৰ তৰফৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

লক্ষণীয়ভাৱে অসম তৃণমূল কংগ্ৰেছে আজি দিনৰ ভাগত এখন সংবাদমেলৰ আয়োজন কৰি অমিত শ্বাহৰ পৰা কেতবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি আৰু বঞ্চনাক লৈ সৰৱ হৈ পৰে ।

উল্লেখ্য যে, আজি বিয়লি বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে অমিত শ্বাহ আৰু জে পি নাড্ডাক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলীয় নেতৃত্বই উষ্ম আদৰণি জনায় (Amit Shah in Guwahati)। বৰঝাৰৰ(Gopinath Bordoloi International Airport) পৰা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ দিশে আহি থকাৰ সময়তে অসম তৃণমূল কংগ্ৰেছৰ একাংশ কৰ্মীয়ে তেওঁলোকক ক'লা পতাকা প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক: গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.