ETV Bharat / state

ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে সাজু অসমৰ ছোৱালী দল - handball competition

8 ছেপ্তেম্বৰৰ পৰা 12 ছেপ্তেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া 19 বছৰৰ অনুৰ্ধৰ ছোৱালীৰ হেণ্ডবল প্ৰতিযোগিতা (Handball Competition) ৷ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দলটো ৷ দেওবাৰে গুৱাহাটীৰ পৰা লক্ষ্ণৌলৈ ৰাওনা হয় 16 জনীয়া ছোৱালীৰ দলটো ৷

assam-team-got-select-for-44th-junior-girl-national-handball-competition
ৰাষ্ট্ৰীয় হেণ্ড বল প্ৰতিযোগিতাৰ বাবে সাজু অসমৰ ছোৱালীৰ দল
author img

By

Published : Sep 6, 2021, 12:37 PM IST

গুৱাহাটী, 6 ছেপ্তেম্বৰ : 44 সংখ্যক ৰাষ্ট্ৰীয় হেণ্ড বল প্ৰতিযোগিতাৰ(National Handball Comptition) বাবে সাজু হৈছে অসমৰ দলটো ৷ 8 ছেপ্তেম্বৰৰ পৰা 12 ছেপ্তেম্বৰলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ’ব 19 বছৰৰ অনুৰ্ধৰ ছোৱালীৰ হেণ্ডবল প্ৰতিযোগিতা ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনত অংশগ্ৰহণ কৰাৰ বাবে দেওবাৰে গুৱাহাটীৰ পৰা ৰাওনা হয় অসমৰ 16 জনীয়া ছোৱালী খেলুৱৈৰ দলটো ৷ গুৱাহাটী(ম) ৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰত প্ৰাগজ্যোতিষপুৰ হেণ্ডবল সন্থাৰ উদ্যোগত প্ৰাগজ্যোতিষপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত বিগত 18 আগষ্টৰ পৰা 5 ছেপ্তেম্বৰলৈ এই নিৰ্বাচিত দলটোৰ বাবে বাছনি প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল ।

ৰাষ্ট্ৰীয় হেণ্ড বল প্ৰতিযোগিতাৰ বাবে সাজু অসমৰ ছোৱালীৰ দল

লগতে পঢ়ক: ৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়ামলৈ পৰিণত হ’ব নলবাৰী কলেজ খেলপথাৰ

তাৰোপৰি বাছনি প্ৰক্ৰিয়াৰ বাবে শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, নগাঁও, মৰিগাঁও, কামৰূপ মহানগৰ, নলবাৰী, বাক্সা আদিকে কৰি ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰে ভিতৰত মুঠ 16 গৰাকী খেলুৱৈক ৰাজ্যিক দলটোৰ বাবে নিৰ্বাচিত কৰে নিৰ্বাচক মণ্ডলীয়ে ।

ইফালে বাছনি প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণত থকা প্ৰশিক্ষকৰ মতে, ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত অসমৰ দলটোৱে ৰাজ্যৰ বাবে কঢ়িয়াই আনিব সুখৰ বতৰা । 16 জনীয়া দলটোক লৈ প্ৰশিক্ষক সকলো যথেষ্ট আশাবাদী । সকলোৰে এটাই আশা, এইসকল উদ্যমী যুৱ খেলুৱৈয়ে নিজস্ব পাৰদৰ্শিতাৰে উজলাব মাতৃভূমিৰ নাম ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বলাই ওজাক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.