ETV Bharat / state

হ্ৰাস পাইছে উৎপাদন: সংকটত পৰিছে ৰাজ্যৰ চাহ উদ্যোগ - চাহ উদ্যোগ

এটা বছৰতে অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে 98.14 নিযুত কিলোগ্ৰাম ৷ সংকটত পৰিছে বিশ্বখ্যাত অসমৰ চাহ উদ্যোগ ৷ কেৱল অসমৰ চাহ উদ্যোগেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰেই চাহৰ উদ্যোগটোত সৃষ্টি হৈছে মন্দাৱস্থাৰ ৷ উৎপাদন হ্ৰাস পোৱাত বিপৰ্যস্ত হৈ পৰিছে অসমৰ চাহ উদ্যোগ ৷

as_ghy_03_tea_industry_in_crisis_7206058
সংকটত পৰিছে ৰাজ্যৰ চাহ উদ্যোগ
author img

By

Published : Feb 17, 2021, 11:03 PM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: বাৰুকৈয়ে সংকটত পৰিছে বিশ্বখ্যাত অসমৰ চাহ উদ্যোগ । আচলতে কেৱল অসমৰ চাহ উদ্যোগেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰেই চাহৰ উদ্যোগটোত একপ্ৰকাৰ মন্দাৱস্থাৰ সৃষ্টি হৈছে । এফালে দুৱাৰমুখত নিৰ্বাচন আহি উপস্থিত হোৱাৰ বাবে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ বাবে অভিলাষী আঁচনি ঘোষণাতে ক্ষান্ত নাথাকি দেশৰ বিত্ত মন্ত্ৰীক অসমলৈ মাতি আনি তেওঁৰ হতুৱাই চাহ শ্ৰমিকক ধন বিতৰণ কৰিছে, আনফালে হুৰহুৰকৈ উৎপাদন হ্ৰাস পোৱাত বিপৰ্যস্ত হৈ পৰিছে অসমৰ চাহ উদ্যোগ ৷

এটা বছৰতে অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে 98.14 নিযুত কিলোগ্ৰাম

মাত্ৰ এটা বছৰতে অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে 98.14 নিযুত কিলোগ্ৰাম । ভাৰতীয় চাহ ব'ৰ্ডে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । সেই প্ৰতিবেদনত কোৱা হৈছে যে 2019 বৰ্ষত অসমত উৎপাদিত চাহৰ পৰিমাণ আছিল 716.49 নিযুত কিলোগ্ৰাম । কিন্তু ক'ৰনাৰ পৰিস্থিতিৰ বাবেই হওঁক বা আন কাৰণতে হওঁক, 2020 বৰ্ষত এই পৰিমাণ হ্ৰাস পাই হৈছেগৈ 618.35 নিযুত কিলোগ্ৰাম । তেনেদৰে সমগ্ৰ ভাৰতবৰ্ষত 2019 বৰ্ষত মুঠ উৎপাদিত চাহৰ পৰিমাণ আছিল 1,390.08 নিযুত কিলোগ্ৰাম । কিন্তু 2020 বৰ্ষত এই পৰিমাণ 1,250.60 নিযুত কিলোগ্ৰামলৈ অৱনমিত হ'ল । দেশত উৎপাদিত মুঠ চাহৰ 52 শতাংশ যিহেতু অসমে অকলেই উৎপাদন কৰে গতিকে উৎপাদন হ্ৰাস পোৱাৰ ফলত ইয়াৰ প্ৰভাৱ দেশৰ অৰ্থনীতিতো পৰিছে । তাতোকৈ ডাঙৰ কথা- উৎপাদন হ্ৰাস পোৱাৰ ফলত চাহৰ দামো মাত্ৰ এটা বছৰতে 31 শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে ।

চাহ উদ্যোগৰ এনে সংকটত উদ্বিগ্ন হৈ পৰিছে এই উদ্যোগটোৰ সৈতে জড়িত হৈ থকা বিভিন্ন সংস্থাসমূহো । ভাৰতীয় চাহ সংস্থা (TAI) ৰ অসম শাখাৰ বিষয়ববীয়া দীপাঞ্জল ডেকাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে লকডাউনৰ ফলত অসমৰ চাহ উদ্যোগ যি ক্ষতিৰ সন্মুখীন হ'ল তাৰেই প্ৰভাৱ পৰিছে সম্প্ৰতি এই উদ্যোগটোত । ৰপ্তানি বন্ধ হৈ পৰাৰ বাবেও সাংঘাতিক ধৰণে অসমৰ চাহ উদ্যোগ ক্ষতিগ্ৰস্ত হ'ল বুলি তেওঁ মন্তব্য কৰে । গাইগুটীয়াকৈ চাবলৈ গলে বহু বাগিচা অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল বুলিও তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়ক: ভাৰত-বাংলাদেশ সীমান্তত হ'ব যৌথ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.