গুৱাহাটী,4 মে’: গভীৰ সংকটৰ দিশে অসমৰ চাহ উদ্যোগ । এবছৰ পূৰ্বে হোৱা লক ডাউনে ৰাজ্যৰ চাহ উদ্যোগৰ কঁকাল বেকা কৰি থৈ যোৱাৰ পিছত এইবাৰ খৰাং সদৃশ পৰিস্থিতিয়ে চাহ উদ্যোগক বিপৰ্যস্ত কৰি তুলিছে । প্ৰয়োজনতকৈ কম পৰিমাণৰ বৰষুণ হোৱা বাবে ৰাজ্যৰ বৃহৎ চাহ গোষ্ঠীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ চাহ খেতিয়কলৈকে সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে । কিয়নো পৰ্যাপ্ত পানীৰ অভাৱত চাহৰ উৎপাদন প্ৰায় ৪৫-৫০ শতাংশ হ্ৰাস পোৱাৰ লগতে বহু বাগিচাত চাহগছ মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে ৷
চাহ উৎপাদনৰ প্ৰথম পৰ্যায় মাৰ্চ-এপ্ৰিলৰ ভিতৰত শেষ হয় আৰু দ্বিতীয় পৰ্যায় আৰম্ভ হয় মে' মাহৰ পৰা । কিন্তু বৰষুণৰ অভাৱত এইবেলি প্ৰথম আৰু দ্বিতীয় দুয়োটা বতৰতে অসমত চাহৰ উৎপাদন ৫০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে । যিয়ে উদ্বিগ্ন কৰি তুলিছে ৰাজ্যৰ চাহ উদ্যোগীসকলক ।
ভাৰতীয় চাহ সংস্থা (টি এ আই) য়ে ইতিমধ্যে অসমত উদ্ভৱ হোৱা এনে খৰাংসদৃশ পৰিস্থিতিৰ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰি চৰকাৰৰ হাতত দাখিল কৰিছে । সাধাৰণতে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত অসমত ২৮ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়, যি চাহৰ উৎপাদনৰ বাবে অতিকৈ জৰুৰী । কিন্তু এইবাৰ বৰ্তমানলৈকে বৰষুণৰ মাত্ৰা মাত্ৰ ১৬.০৬ মিলিমিটাৰহে । যাৰ ফলত মুঠেও বাঢ়িব পৰা নাই চাহ গছ ।
আনহাতে, বৰষুণৰ অভাৱত বন্ধ হোৱাৰ দিশে চাহ উদ্যোগৰ লগত জড়িত কলঘৰসমূহ ৷ মন কৰিবলগীয়া যে, প্ৰায় সংখ্যক চাহ উৎপাদনকাৰী কলঘৰত প্ৰত্যেক দিনাই প্ৰয়োজন হয় লাখৰো অধিক কেঁচা পাত ৷ কিন্তু এইবেলি মাত্ৰ দুহেজাৰ চাহপাতেৰে কাম কৰিবলৈ বাধ্য হৈছে কলঘৰসমূহে ।
উল্লেখ্য যে, অসমত সৰ্বমুঠ কলঘৰ আছে 1,200 টা ৷ সাম্প্ৰতিক পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে পাতৰ অভাৱত বিগত 20 এপ্ৰিলৰ পৰাই বন্ধ হৈ পৰি আছে ৰাজ্যৰ প্ৰায় পঞ্চাশ শতাংশৰো অধিক কলঘৰ ৷ ভাৰতীয় চাহ সংস্থা (টাই) ৰ অসম শাখাৰ সম্পাদক দীপাঞ্জল ডেকাই এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে নিজৰ মন্তব্য ৷
যি সময়ত ভাৰতবৰ্ষত উৎপাদিত মুঠ চাহৰ ৫৫ শতাংশ অসমে অকলেই উৎপাদন কৰি আহিছে তেনে ক্ষেত্ৰত এতিয়া খৰাংসদৃশ পৰিস্থিতিৰ বাবে হোৰাহোৰে উৎপাদন হ্ৰাস পোৱাত ভয়ানক বিপদ নামি আহিছে অসমৰ চাহ উদ্যোগটোলৈ ।
লগতে পঢ়ক: ভয়াৱহ দুৰ্যোগৰ দিশে অসমৰ চাহ উদ্যোগ