ETV Bharat / state

বাৰ্ড ফ্লুঃ অসম ৰাজ্যিক চিৰিয়াখানাত নিষিদ্ধ কৰা হ‘ল মুৰ্গীৰ মাংস

author img

By

Published : Jan 8, 2021, 6:49 PM IST

ভাৰতৰ কেবাখনো ৰাজ্যত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ মৃত্যু হৈছে বহু চৰাইৰ ৷ বাৰ্ড ফ্লুৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য় ৰাখি অসম ৰাজ্যিক চিৰিয়াখানা কতৃপক্ষই চিৰিয়াখানাত নিষিদ্ধ কৰিছে মুৰ্গীৰ মাংস ৷

assam-state-zoo-bans-poultry-meat-amid-bird-flu-outbreak
বাৰ্ড ফ্লুঃ অসম ৰাজ্যিক চিৰিয়াখানাত নিষিদ্ধ কৰা হ‘ল মুৰ্গীৰ মাংস

গুৱাহাটী, 8 জানুৱাৰী : ভাৰতৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাৰ্ড ফ্লুৱে ৷ এই পৰ্যন্ত ৰাজস্থান,মধ্যপ্ৰদেশ,হিমাচল প্ৰদেশ, কেৰালাৰ লগতে অন্য কেবাখনো ৰাজ্য়ত বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে ৷ এই ৰাজ্যসমূহত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ফলত বিভিন্ন প্ৰজাতিৰ চৰাইৰ মৃত্যু হৈছে ৷ ইয়াৰে কেবাখনো ৰাজ্যই ইতিমধ্যে বাৰ্ড ফ্লুৰ অৱস্থিত ধৰা পৰা অঞ্চলৰ নিৰ্দিষ্ট ব্যাসাৰ্ধত থকা হাঁহ-কুকুৰাৰ লগতে অন্য চৰাই মাৰি পেলোৱাৰো সিদ্ধান্ত লৈছে ৷

দেশৰ অন্যান্য ৰাজ্যত এই ভাইৰাছৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অসমতো লোৱা হৈছে বিশেষ তৎপৰতা ৷ এই ভাইৰাছৰ সংক্ৰমণ যাতে চিৰিয়াখানাৰ কোনো চৰাইৰ শৰীৰলৈ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানাত মুৰ্গী বা অন্যান্য চৰাইৰ মাংস নিষিদ্ধ কৰা হৈছে ৷ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ পৰা চিৰিয়াখানাৰ চৰাইজাতীয় প্ৰাণী সমূহক ৰক্ষা কৰাৰ বাবে সষ্টম হৈ পৰিছে চিৰিয়াখানা কতৃপক্ষ ৷

উল্লেথ্য় যে,ইতিপূৰ্বে পৰিৱেশ,বন আৰু বতৰ পৰিৱৰ্তন মন্ত্ৰণালয়ে সকলো ৰাজ্যকে বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল'বলগীয়া সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: মাঘ বিহুৰ উৰুকাত সীমিত বন্ধ পাব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.