গুৱাহাটী, ২৭ আগষ্ট: সামাজিক হিচাপ পৰীক্ষাৰ নামত অসমত চলিছে কেৱল প্ৰহসন । ৰাজহুৱা পুঁজিৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়িত কৰা বৃহৎ প্ৰকল্পসমূহৰ বিপৰীতে সামাজিক হিচাপ পৰীক্ষাৰ ব্যৱস্থা কৰাটো হ'ল চৰকাৰৰ নীতি । এই নীতি বাস্তৱায়িত কৰাৰ বাবে দেশৰ আন প্ৰান্তৰৰ দৰে অসমতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত গঠন কৰা হৈছিল 'অসম ছ'ছাইটি ফৰ ছছিয়েল অডিট'(Assam Society for Social Audit) নামৰ এটা সংস্থা ।
২০১৭ চনত অসম চৰকাৰে গঠন কৰা এই সংস্থাৰ ওপৰতে প্ৰথম পৰ্যায়ত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি চমুকৈ এম জি এনৰেগাৰ বিপৰীতে সামাজিক হিচাপ পৰীক্ষা কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল । কিন্তু প্ৰথম অৱস্থাৰ পৰাই বহুতো খেলিমেলিৰ মাজেৰে সময় পাৰ কৰা এই ছছিয়েল অডিট সংস্থাটোৱে এতিয়া ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনত পৰিচালিত মধ্যাহ্ন ভোজন আঁচনিৰ(Mid Day Meal scheme Assam) সামাজিক হিচাপ কৰাৰ নামত নিজেই অনিয়ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ অনুসৰি, এম জি এনৰেগা, পি এম ৱাইৰ উপৰিও ৰাজ্য চৰকাৰে শেহতীয়াকৈ মধ্যাহ্ন ভোজন আঁচনিৰ বিপৰীতে সামাজিক হিচাপ পৰীক্ষকৰ দায়িত্ব অৰ্পণ কৰিছিল অসম ছ'ছাইটি ফৰ ছছিয়েল অডিট' নামৰ সংস্থাটোৰ ওপৰতে । শিক্ষা বিভাগৰ এক নিৰ্দেশ অনুসৰি সংস্থাটোক চলিত বৰ্ষটোৰ ১ মাৰ্চৰ পৰা ২৫ মাৰ্চৰ ভিতৰত ৩৩ খন জিলাৰ মুঠ ৪৬০ খন বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিৰ সামাজিক হিচাপ পৰীক্ষাৰ কাম সম্পূৰ্ণ কৰিবলৈ দায়িত্ব দি এক নিৰ্দেশ দিয়া হৈছিল ।
বিভাগীয় এক সূত্ৰৰ মতে এই কামৰ বাবে সংস্থাটোক দিয়া হৈছে প্ৰায় ষাঠি লাখ টকাৰ এক বিত্তীয় অনুমোদনো । ইয়াৰে ২৭ লাখ টকা ইতিমধ্যে মুকলি কৰিও দিয়া হৈছে । কিন্তু আশ্বৰ্যজনকভাবে সংস্থাটোৱে প্ৰয়োজনীয় পুঁজি লৈ সামাজিক হিচাপ পৰীক্ষক নিয়োগ কৰা বুলি শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালকৰ কাৰ্যালয়ক জনালে যদিও সংস্থাটোৱে আজি পৰ্যন্ত এই হিচাপৰ প্ৰতিবেদন বিভাগৰ হাতত জমা দিব পৰা নাই । যিখিনি তথ্য জমা দিছে তাৰ মান দেখি শিক্ষা বিভাগৰ বিষয়াসকল স্তম্ভিত হৈছে ।
উল্লেখ্য যে, শেহতীয়াকৈ মধ্যাহ্ন ভোজনৰ পৰ্যবেক্ষণৰ বাবে শেহতীয়াকৈ গুৱাহাটীত বাহৰ পাতি থকা কেন্দ্ৰীয় চৰকাৰৰ এটা দলে সামাজিক হিচাপ পৰীক্ষাৰ তথ্যসমূহ চাবলৈ বিচাৰোতে এই কথা পোহৰলৈ আহে । মনকৰিবলগীয়া যে মধ্যাহ্ন ভোজনৰ সামাজিক হিচাপক(Assam mid day meal audit report) লৈ সংস্থাটোৰ কৰ্মদক্ষতা পোহৰলৈ অহাৰ সময়তে চৰ্চা চলিছে এই সংস্থাৰ সঞ্চালকৰ দায়িত্বত থকা হেমচন্দ্ৰ দলেৰ ভুমিকাক লৈ ।
সামাজিক হিচাপ পৰীক্ষা এক পদ্ধতিগত বিষয় আৰু দেশৰ আন প্ৰান্তত এই পদত সামাজিক হিচাপ পৰীক্ষাৰ লগত দীৰ্ঘকাল ধৰি জড়িত লোককহে নিযুক্তি দিয়া হয় । ইয়াৰ বাবে আনুষ্ঠানিক শিক্ষাৰো প্ৰয়োজন আছে । কিন্তু আশ্বৰ্যজনকভাবে বৰ্তমান অসম ছ'ছাইটি ফৰ ছছিয়েল অডিট'ৰ সঞ্চালক হেমচন্দ্ৰ দলেৰ অৰ্হতা হ'ল তেওঁ এজন শাসকীয় দল বিজেপিৰ নেতা হোৱাটোহে । পূৰ্বে ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলী সমষ্টিৰ পৰা উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দাবী কৰা হেমচন্দ্ৰ দলেক ৰাজনৈতিক সংস্থাপন দিয়া হৈছিল সামাজিক হিচাপ পৰীক্ষাৰ বাবে থকা অসম ছ'ছাইটি ফৰ ছছিয়েল অডিট'ৰ সঞ্চালক ৰূপে ।
যিহেতু সামাজিক হিচাপ পৰীক্ষাৰ কোনো কামৰ লগত দলে কাহানিও জড়িত নাছিল, সেয়ে তেওঁ সংস্থাটোৰ পৰা লক্ষাধিক টকাৰ দৰমহা আৰু অন্যান্য সা-সুবিধা লৈ থকাৰ বাদে কোনো কামত মনোযোগ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ সামাজিক হিচাপ পৰীক্ষাৰ কাম আন বিভাগসমূহৰ ক্ষেত্ৰতো জৰুৰী হৈ পৰাত সংস্থাটোৰ সীমাবদ্ধতা ক্ৰমাৎ স্পষ্ট হৈ পৰিছে । কিন্তু এই ক্ষেত্ৰত নিৰুদ্বিগ্ন হৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও সকলো সহ্য কৰি থকা কাৰ্য লক্ষণীয় বুলি বিবেচিত হৈছে ।
লগতে পঢ়ক: দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে