গুৱাহাটী, ৪ মে’ : ৰাজ্য চৰকাৰৰ ৪৮ টা বিভাগত চতুৰ্থ বৰ্গৰ ১৪,২৮১ টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত উত্তীৰ্ণ হৈছে ১৪,২৮১ গৰাকী প্ৰাৰ্থী । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ অধ্যক্ষ ড৹ বি কল্যান চক্ৰৱৰ্তীয়ে ।
তেওঁ কয় যে আজি অৰ্থাৎ বৃহস্পতিবাৰে দিনৰ ২ বজাত ছেবা আৰু অসম চৰকাৰৰ ৱেবচাইটযোগে পৰীক্ষাৰ ফলাফলসমূহ প্ৰাৰ্থীসকলে চাব পাৰিব (Assam SLRC Grade 4 Result 2023 Timing Changed To Be Released At 2 PM) । ছেবাৰ ৱেবচাইট www.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবচাইট https://assam.gov.in যোগে প্ৰাৰ্থীসকলে নিজৰ আবেদন নম্বৰ আৰু পাচৱাৰ্ডৰ জৰিয়তে ফলাফল চাব পাৰিব (Assam Direct Recruitment Grade 4 Result 2023) ।
তেওঁ কয় যে চতুৰ্থ বৰ্গৰ ১৪,২৮১ টা পদৰ বাবে ছেবাই অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,৪২,৭৮৫ গৰাকী প্ৰাৰ্থী । শিক্ষাগত অৰ্হতাৰ ভিত্তিত দুটা প্ৰৰ্যায়ত প্ৰাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হৈছিল । মেট্ৰিক আৰু তাৰ সমপৰ্যায়ৰ পৰীক্ষা উত্তীৰ্ণ আৰু অষ্টম শ্ৰেণীলৈ পঢ়া প্ৰাৰ্থীক দুটা পৰ্যায়ত বিভক্ত কৰি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল ।
দুটা পৰ্যায়ত লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাচত সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি যোগ্যতাৰ ভিত্তিত চূড়ান্ত তালিকা প্ৰস্তুত কৰা হয় । সেই অনুসৰি ১৪,২৮১ গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে বাচনি কৰা হৈছে ।
উক্ত সংবাদমেলত আয়োগৰ সচিব কমলজিৎ তালুকদাৰ আৰু আয়োগৰে সংলগ্ন সহকাৰী আয়ুক্ত ৰিমঝিম কোঁৱৰ উপস্থিত আছিল । উল্লেখ্য যে, বুধবাৰে তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল ঘোষণা কৰা হৈছিল । তৃতীয় বৰ্গৰ ১১৫১০ টা পদৰ বিপৰীতে উত্তীৰ্ণ হয় ১১৩২৪ গৰাকী প্ৰাৰ্থী । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাচনিকৃত ২৫ হাজাৰৰো অধিক প্ৰাৰ্থীক ১১ মে’ত চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব । এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
লগতে পঢ়ক : Raped and killed at Margherita : জঘন্য: কিশোৰীক ধৰ্ষণ কৰি চেপটিক টেংকত ভৰালে মৃতদেহ