গুৱাহাটী, ১৩ এপ্ৰিল : অভূতপূৰ্ব আৰু বৰ্ণনাতীত ! মায়াময় হৈ পৰিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । ঢোল-পেঁপা-গগণাৰ ৰজনজনাই গ’ল সৰুসজাইৰ আকাশ-বতাহ । বিহুৰ অভিনৱ আৰু অনবদ্য প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ’ল সৰুসজাই ষ্টেডিয়াম আৰু উপস্থিত হাজাৰ হাজাৰ দৰ্শক । মুঠ ১১৩০৪ বিহুৱা-বিহুৱতীয়ে একেলগে একেস্থানত প্ৰদৰ্শন কৰিলে বিহুনাচ (Largest Bihu dance performance with over 11304 folk dancers and drummers)।
আনহাতে, তিনি হাজাৰৰো অধিক ঢুলীয়াই প্ৰদৰ্শন কৰিলে ঢোলবাদন । লগে লগে সৃষ্টি হ’ল দুটাকৈ বিশ্ব অভিলেখ । এক অনন্য আৰু অনবদ্য ৰূপত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ’ল অসমৰ বিহু সংস্কৃতি । উল্লেখ্য যে, গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয় প্ৰদৰ্শন কৰে বিহুনাচ । লগতে তিনি হাজাৰৰো অধিক ঢুলীয়াই প্ৰদৰ্শন কৰে ঢোলবাদন ।
বিশ্ব অভিলেখেৰে বাপতি সাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এই বিশেষ প্ৰয়াস অসম চৰকাৰৰ । অৱশেষত অসম চৰকাৰৰ প্ৰয়াসে লাভ কৰিলে সফলতা । গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল বিহুনাচ আৰু ঢোলবাদন । আজি সন্ধিয়া এই বিৰল মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ অসমবাসী । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত দুয়োটা ৰেকৰ্ড কৰা হয় ।
উল্লেখ্য যে, পূৰ্বতে ১৪ এপ্ৰিলৰ মূল অনুষ্ঠানতে গীনিজ ৰেকৰ্ড হোৱাৰ কথা আছিল যদিও ১৩ এপ্ৰিলতে সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ আনুষ্ঠানিকতা সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয় । সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা ৭.১৫ বজাৰ ভিতৰত গীনিজ ৰেকৰ্ডৰ বাবে দুয়োটা অনুষ্ঠান সম্পন্ন কৰা হয় । গীনিজ ৰেকৰ্ডৰ বাবে ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰাৰ উপৰি তিনি হাজাৰৰো অধিক ঢুলীয়াই ঢোলবাদন পৰিৱেশন কৰে ।
উল্লেখ্য যে, ১৪ এপ্ৰিল অর্থাৎ গৰু বিহুৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিহু নৃত্যৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মূল অনুষ্ঠানটো অনুষ্ঠিত হ’ব । সেই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই বিহুনাচ আৰু ঢোল বাদনৰ আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰিব ।
ইফালে আজিৰ অনুষ্ঠানতে অসমীয়া গামোচাই লাভ কৰা জি আই টেগৰ প্ৰমাণ পত্ৰ ভাৰত চৰকাৰে অসম চৰকাৰক প্ৰদান কৰে । অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ পত্ৰ গ্ৰহণ কৰে । আনহাতে, বিশ্ব অভিলেখৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাৰ বাবে আনন্দত আত্মহাৰা হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুগীত পৰিৱেশন কৰি নাচি-বাগি আনন্দ কৰে ।
লগতে পঢ়ক : Assam government is in debt : পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে