ETV Bharat / state

Road construction in Assam: কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা; অসমত তিনি মাহত ১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ - ৰাষ্ট্ৰীয় ঘাইপথ

দেশৰ আন ৰাজ্যত দ্ৰুতগতিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি থকাৰ বিপৰীতে অসমত চলিছে শামুকীয়া গতিত । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অসমত মাত্ৰ ১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথহে নিৰ্মাণ হৈছে । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতে নিৰ্মাণ কৰা হৈছে ৮৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ । ২০২২-২৩ বিত্তীয় বৰ্ষত অসমত ৩১০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ অথবা উন্নয়ন কৰা হৈছিল । মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ শোচনীয় হৈ পৰিছে ।

Etv Bharat
Etv Bharat
author img

By

Published : Aug 2, 2023, 3:23 PM IST

গুৱাহাটী, ২ আগষ্ট: দিল্লীয়ে অসমক বিভিন্ন ক্ষেত্ৰত বঞ্চনা কৰি অহাটো নতুন কথা নহয় । বিজেপি চৰকাৰেও সেই একেই পৰম্পৰা অব্যাহত ৰাখিছে । কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকাৰ পাছতো অসমে বিভিন্ন ক্ষেত্ৰত অবহেলিত হৈ আহিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সততে অসমৰ জয়গান গাই যদিও প্ৰকৃততে অসম এতিয়াও দিল্লীৰ পৰা বহু আঁতৰত আছে । নৰেন্দ্ৰ মোদী চৰকাৰৰ সমবিকাশ আৰু সমউন্নয়নৰ শাৰীত পৰা নাই অসম । কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কামে তাৰ বাস্তৱ প্ৰতিফলন ঘটাইছে । ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰতো তাৰেই আভাস পোৱা যায় । লক্ষণীয় বিষয় যে যি সময়ত দেশৰ আন ৰাজ্যত দ্ৰুতগতিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে সেই সময়ত অসমত কামৰ নমুনা দেখিলে চকু কপালত উঠিব ।

Road construction in Assam
অসমত তিনি মাহত ১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

বিগত তিনি মাহত অসমত মাত্ৰ ১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথহে নিৰ্মাণ হৈছে । ৰাজ্যত অতি লেহেমিয়া গতিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি ‌আছে । শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহ অর্থাৎ এপ্ৰিল, মে’ আৰু জুন মাহত অসমত ১৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ হোৱাৰ বিপৰীতে এই সময়ছোৱাত সমগ্ৰ দেশত নিৰ্মাণ কৰা হৈছে ২২৫০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ।

Road construction in Assam
মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ শোচনীয় হৈ পৰিছে

সৰ্বাধিক পথ নির্মাণ হৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত উক্ত তিনি মাহত ৩৪০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে । সেইদৰে উত্তৰাখণ্ডত ১৯৭ কিলোমিটাৰ, ৰাজস্থানত ১৯৬ কিলোমিটাৰ, তামিলনাডুত ১৭৯ কিলোমিটাৰ, কৰ্ণাটকত ১৩০ কিলোমিটাৰ, অন্ধ্ৰ প্ৰদেশত ১০৮ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে । আনকি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো ৮৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে ।

Road construction in Assam
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম অসমত চলিছে শামুকীয়া গতিত

আনহাতে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমত ৩১০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ অথবা উন্নয়ন কৰা হৈছিল । ইয়াৰ বিপৰীতে সেই বিত্তীয় বৰ্ষত সমগ্ৰ দেশত নির্মাণ তথা উন্নয়ন কৰা হৈছিল ১০,৪৫৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ।

লক্ষণীয় বিষয় যে উজনি অসমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰ লেনলৈ উন্নীত কৰাৰ বাবে ২০১৩ চনৰ ২০ ছেপ্টেম্বৰতে অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল । ইয়াৰ পাচত নগাঁৱৰ পৰা ইটানগৰলৈকে ফ’ৰ লেন পথ নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

কিন্তু আশ্চর্যজনক কথা যে অনুমোদন লাভ কৰাৰ এটা দশকৰ পাচতো পথ নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ হোৱা নাই । ইফালে শেহতীয়াকৈ অলপতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰিক সাক্ষাৎ কৰি পথ নিৰ্মাণৰ কাম দ্ৰুত কৰাৰ বাবে অনুৰোধ জনাইছিল । কিন্তু এতিয়ালৈকে সেই অনুৰোধৰ কোনো বাস্তৱ প্ৰতিফলন ঘটা নাই ।

ইফালে মেৰামতিৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ শোচনীয় হৈ পৰিছে যদিও চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতিৰ বাবে মেৰামতিৰ অভাৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ পাচতো মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ।

যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অসমত টোল কৰ সংগ্ৰহৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিছে । পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু ইয়াৰ পাচতো একমাত্ৰ ৰাজহৰ স্বাৰ্থতে টোলগে'ট স্থাপনৰ বাবে উঠিপৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ ।

উল্লেখ্য যে সম্প্ৰতি ৰাজ্যখনত ৯ খনকৈ টোলগেট কার্যক্ষম হৈ আছে । শেহতীয়াকৈ নিৰ্মাণ কৰা পাঁচখনকৈ টোলগে'ট মুকলি হোৱাৰ লগে লগেই ৰাজ্যখনত মুঠ টোলগে'টৰ সংখ্যা হ’বগৈ ১৪খন । লক্ষণীয় বিষয় যে ৰাজ্যখনত মুঠ ২৭ খন টোলগে'ট স্থাপন কৰাৰ পৰিকল্পনা আছে কেন্দ্ৰীয় চৰকাৰৰ । চৰকাৰে ইখনৰ পাচত সিখনকৈ টোলগে'ট স্থাপন কৰি জনতাৰ ওপৰত কৰৰ অভাৱনীয় বোজা জাপি দি আহিছে ।

লগতে পঢ়ক: Toll gates in Assam: পথ নিৰ্মাণৰ বিপৰীতে কৰ সংগ্ৰহৰ লক্ষ্যৰে উজনিত পাঁচখনকৈ টোলগেট নিৰ্মাণৰ যো-জা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.