ETV Bharat / state

প্ৰতিবন্ধীসকলৰ বাবে বিশেষ এপছ মুকলি সৰ্বশিক্ষা মিছনৰ

অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত সমগ্ৰ শিক্ষাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসত বিশেষভাৱে সক্ষম ছাত্ৰছাত্ৰীসকলৰ সুবিধাৰ্থে সন্ধান নামেৰে এটা এডুকেছন এপ মুকলি কৰে অসম চৰকাৰৰ মুখ্য শিক্ষা সচিব বি কে চক্ৰৱৰ্তীয়ে ৷ উক্ত অনুষ্ঠানটোতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস উপলক্ষে সৰ্ব শিক্ষা মিছনে ৰাজ্যিক ভিত্তিত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰে ৷

author img

By

Published : Dec 3, 2020, 10:06 PM IST

Updated : Dec 3, 2020, 10:43 PM IST

ASM lunched an app for disabled
ASM lunched an app for disabled

গুৱাহাটী,3 ডিচেম্বৰ : অসম সৰ্ব শিক্ষা অভিযান মিছনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস পালন ৷ অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত সমগ্ৰ শিক্ষাই আয়োজন কৰা অনুষ্ঠানটোত বিশেষভাৱে সক্ষম ছাত্ৰছাত্ৰীসকলৰ সুবিধাৰ্থে সন্ধান নামেৰে এটা এডুকেছন এপ মুকলি কৰে অসম চৰকাৰৰ মুখ্য শিক্ষা সচিব বি কে চক্ৰৱৰ্তীয়ে ৷ বৃহস্পতিবাৰৰ অনুষ্ঠানটোতে নেচনেল হেলথ মিছন আৰু সমগ্ৰ শিক্ষাই যুতীয়াভাবে আয়োজন কৰা ক্লিয়েৰ ভিজন নামৰ তিনিমহীয়া এক বিশেষ চকু পৰীক্ষা শিবিৰৰো আনুষ্ঠানিক শুভাৰম্ভ কৰে ৷

প্ৰতিবন্ধীসকলৰ বাবে বিশেষ এপছ মুকলি সৰ্বশিক্ষা মিছনৰ

উক্ত অনুষ্ঠানটোতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস উপলক্ষে সৰ্ব শিক্ষা মিছনে ৰাজ্যিক ভিত্তিত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰে ৷ বৃহস্পতিবাৰৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিব সমীৰ সিং, মুখ্য বক্তা হিচাবে শিক্ষা বিভাগৰ মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু বিশেষ অতিথি হিচাবে উপস্থিত থাকে অসম সৰ্ব শিক্ষা অভিযান মিছনৰ মিছন সঞ্চালক ডঃ লক্ষ্মণ এছ আৰু ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব কৌচৰ জামিল হিলালী ৷

লগতে পঢ়ক : অচিন ৰোগৰ আতংক : জোনাইত ৮জন আক্ৰান্ত, ২জনৰ মৃত্যু

Last Updated : Dec 3, 2020, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.