ETV Bharat / state

নতুন প্ৰজন্মক উদ্দেশ্যি অসম সাহিত্য সভাৰ স্বদেশ-স্বাভিমান অনুষ্ঠান আয়োজন - অসম সাহিত্য সভাৰ স্বদেশ-স্বাভিমান অনুষ্ঠান

নতুন প্ৰজন্মক উদ্দেশ্য কৰি দেওবাৰে আয়োজন কৰা হয় অসম সাহিত্য সভাৰ অনুষ্ঠান স্বদেশ-স্বাভিমান । এই সভাত নতুন প্ৰজন্মই যাতে অসমৰ সমস্যাৰাজিক অসমৰ বাহিৰত এক বৈজ্ঞানিক দৃষ্টিকোণেৰে আৰু বস্তৱায়িত ৰূপত কেনেদৰে দাঙি ধৰিব পাৰে সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷

assam Sahitya Sabha organized for a meeting the purpose of new generation
নতুন প্ৰজন্মক উদ্দেশ্যি আয়োজন অসম সাহিত্য সভাৰ স্বদেশ-স্বাভিমান অনুষ্ঠান
author img

By

Published : Nov 7, 2021, 10:52 PM IST

গুৱাহাটী, ৭ নৱেম্বৰ : দেওবাৰে অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় স্বদেশ স্বাভিমান অসমৰ গৌৰৱময় ইতিহাস, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে নতুন পুৰুষৰ এখনি বক্তৃতামালা ৷ দীঘলীপুখুৰীস্থিত অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অনুষ্ঠিত এই সভাত সভাপতিত্বত কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷ নতুন পুৰুষে ভৱিষতে কেনেদৰে অসমৰ পৰিচয় বিশ্ব দৰবাৰত উজ্বলাই তুলিব পাৰে সেই সন্দৰ্ভত এই সভাখনত আলোচনা কৰা হয় ৷

অসম সাহিত্য সভাৰ স্বদেশ-স্বাভিমান অনুষ্ঠান

ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰে কেইবাগৰাকীও নতুন পুৰুষ ৷ এই সভাতে নতুন পুৰুষসকলক তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত কি কি কৰিব বা কেনেদৰে আগবাঢ়ি যাব সেই সন্দৰ্ভতো আলোচনা কৰা হয় ৷ কেৱল গুৱাহাটীতে নহয় অসম সাহিত্য সভাই এনে আলোচনা চক্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তটো অনুষ্ঠিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে সভাপতি কুলধৰ শইকীয়াই ৷

কিয়নো অসমৰ ভিন্ন প্ৰান্তৰ নতুন সাহিত্যিক তথা নতুন প্ৰজন্মই যাতে অসমৰ সমস্যাৰাজিক অসমৰ বাহিৰত এক বৈজ্ঞানিক দৃষ্টিকোণেৰে আৰু বস্তৱায়িত ৰূপত দাঙি ধৰিব পাৰে ৷ দেওবাৰে অনুষ্ঠিত এই গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ শান্তিকাম হাজৰিকা, ময়ূৰ বৰা আৰু অপৰ্ণা দেৱী ।

লগতে পঢ়ক : CBI য়ে গ্ৰেপ্তাৰ কৰিলে হিতেশ্বৰ শইকীয়াৰ পুত্ৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.