গুৱাহাটী, ২ জুনঃ কংগ্ৰেছৰ দিনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ আঁচনিত ব্যাপক দুৰ্নীতি হৈছিল, ইয়াৰ বিপৰীতে বিজেপিৰ কাৰ্যকালত অনলাইন ব্যৱস্থাৰ জৰিয়তে দৰিদ্ৰ লোকসকলে পোনপটীয়াকৈ ধন লাভ কৰিছে। এই মন্তব্য বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ ৷ মোদীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেটত দৰিদ্ৰ লোকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য গোস্বামীৰ । লগতে সীমান্তত থকা সৈনিক , কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে বিশেষ সুবিধা প্ৰদান বাবে মোদী চৰকাৰে পদক্ষেপ লোৱা বুলি মন্তব্য কৰে তেওঁ ৷
দেশৰ প্ৰতিজন দৰিদ্ৰ লোকৰ উন্নয়নৰ বাবে মোদী চৰকাৰে সদায় কাম কৰি যাব বুলি মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷
লগতে আন এটা বাতৰি- ৰাজ্যত চৰকাৰে স্থাপন নকৰে নতুন উদ্যোগঃ কামাখ্যা তাছা