ETV Bharat / state

police shooting: ১ নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ AHRCৰ - হিমন্ত বিশ্ব শৰ্মা

শেহতীয়াকৈ বিভিন্ন ঠাইত সংঘটিত আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন বিচাৰিছে অসম মানৱ অধিকাৰ আয়োগে(Assam Human Rights Commission) ৷ ১ নৱেম্বৰৰ ভিতৰত পাঁচখন জিলাৰ পৰা আৰক্ষীৰ গুলীচালনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে অসম মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ৷

Assam rights panel seeks report on police shootings by Nov 1
আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদনৰ দাবী AHRCৰ
author img

By

Published : Sep 25, 2021, 6:53 PM IST

নেশ্যনেল ডেস্ক , 25 ছেপ্টেম্বৰ : অসম চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে অসম মানৱ অধিকাৰ আয়োগে(Assam Human Rights Commission) শেহতীয়াকৈ বিভিন্ন ঠাইত সংঘটিত আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন বিচাৰিছে ৷ ১ নৱেম্বৰৰ ভিতৰত পাঁচখন জিলাৰ পৰা আৰক্ষীৰ গুলীচালনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে অসম মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ৷

এমাহৰ ভিতৰতে ১২ জন অভিযুক্ত ব্যক্তিৰ মৃত্যু হোৱা পৰিস্থিতি সন্দৰ্ভত তদন্ত কৰাৰ বাবেও আয়োগে চৰকাৰক আহ্বান জনাইছে ৷ উল্লেখ্য যে, 16 আগষ্টত ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰতিবেদন দাখিল কৰাৰ বাবে অতিৰিক্ত ছয় সপ্তাহৰ সময় বিচাৰিছিল ৷ বহুতো জিলা কৰ্তৃপক্ষই প্ৰতিবেদন দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত বিভাগে আয়োগৰ পৰা এই সময় বিচাৰিছিল ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণ কিয় প্ৰাসংগিক ?

বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশত আয়োগে উল্লেখ কৰে যে, গৃহ আৰু ৰাজনৈতিক বিভাগে আয়োগক জনোৱা অনুসৰি, পাঁচখন জিলাৰ উপায়ুক্ত আৰু সাতখন জিলাৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা দাখিল কৰা magisterial inquiry প্ৰতিবেদন তেওঁলোকে লাভ কৰিছিল ৷ কিন্তু পৰীক্ষাৰ পাচত আয়োগে জানিব পাৰিছিল যে, কামৰূপ মেট্ৰ'পলিটানৰ প্ৰতিবেদনৰ বাহিৰে কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী, নগাঁও আৰু বৰপেটাৰ উপায়ুক্তৰ প্ৰতিবেদন তেওঁলোকে লাভ কৰা নাছিল ৷ সেয়ে, বাকী জিলাসমূহক ১ নৱেম্বৰৰ ভিতৰত magisterial inquiryৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিবলৈ আয়োগে গৃহ আৰু ৰাজনৈতিক বিভাগক নিৰ্দেশ দিছে ৷

লগতে পঢ়ক : অসমৰ উচ্ছেদ অভিযানক লৈ ভাৰতীয় কূটনীতিবিদক পাকিস্তানৰ চমন

প্ৰাপ্ত তথ্য অনুসৰি, 10 মে'ৰ পৰা অসমত আৰক্ষীৰ গুলীচালনাত ২৬ জন অভিযুক্ত লোক নিহত হোৱাৰ লগতে ৪৩ জন লোক আহত হৈছে ৷ আৰক্ষীয়ে দাবী কৰা মতে আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ বাবে তেওঁলোকক গুলী কৰা হৈছিল ৷ উল্লেখ্য যে, বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে আইনৰ সীমাৰ ভিতৰত থাকি অপৰাধীৰ বিৰুদ্ধে যুঁজ দিবলৈ সংশ্লিষ্ট বাহিনীক সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা প্ৰদান কৰাৰ পাচতে এই গুলীচালনাৰ ঘটনাসমূহ সংঘটিত হৈছে ৷

লগতে পঢ়ক : পুনৰ অনুষ্ঠিত হ’ব APDCL ৰ পৰীক্ষা: ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.