ETV Bharat / state

Umakanta Bairagi passed away: জীৱন বন্তি নিৰ্বাপিত হ’ল টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ - Tokari Geet

ওৰেটো জীৱন টোকাৰীখনকে সাৰথি কৰি তেখেত গঢ়ি তুলিছিল এক সুকীয়া পৰিচয় ৷ তেখেতৰ কণ্ঠত যেন থিতাপি লৈছিল আই সৰস্বতীয়ে ৷ কিন্তু আজি সেই টোকাৰীৰ যেন গুণা ছিগি গ’ল ৷ হাতত টোকাৰীখন লৈ টোকাৰীগীত গাবলৈ আমাৰ মাজত আৰু নাই প্ৰখ্যাত শিল্পী উমাকান্ত বৈৰাগী ৷

Umakanta Bairagi
Umakanta Bairagi passed away
author img

By

Published : Jul 26, 2023, 8:50 AM IST

গুৱাহাটী, 26 জুলাই: ‘‘জীৱন এদিনীয়া জীৱন দুদিনীয়া জীৱন কচুপাতৰ পানী, কোনোবা এদিনা যাবগৈ লাগিব এই দেহা ভূমিতে এৰি ৷’’ টোকাৰী গীত বুলি ক’লেই যিটো কণ্ঠই অসমীয়াৰ মন-প্ৰাণ আপ্লুত কৰি ৰাখে, সেই কণ্ঠ আজি চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ’ল ৷ মাটিৰ দেহাটি এৰি অনন্ত ধামলৈ গতি কৰিলে অসমৰ লোক-সংস্কৃতিৰ অবিৰত সাধক, টোকাৰী গীতৰ সম্ৰাট স্বৰূপ তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক উমাকান্ত বৈৰাগীয়ে ৷

1942 চনত ডিব্ৰুগড় জিলাৰ খোৱাঙত জন্মগ্ৰহণ কৰিছিল এইগৰাকী লোকশিল্পীয়ে ৷ শৈশৱৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু টোকাৰীৰ প্ৰতি আকৃষ্ট হৈছিল উমাকান্ত বৈৰাগী । লোক সংগীত সাধনাৰ বাবেই তেওঁ সৈনিকৰ চাকৰি পৰ্যন্ত প্ৰত্যাখ্যান কৰিছিল ।

স্বপ্ৰতিভাৰে উজ্জল এই শিল্পীগৰাকীক আকাশবাণী গুৱাহাটী কেন্দ্ৰই 1969 চনত নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিছিল ৷ 1971 চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই তেওঁক বৈৰাগী উপাধি প্ৰদান কৰিছিল ৷

বিগত কেইবা দশক ধৰি টোকাৰী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে অসমীয়া লোক-সংকৃতিৰ ভঁৰাল চহকী কৰা উমাকান্ত বৈৰাগী যোৱা বৰ্ষৰ ডিচেম্বৰৰ পৰা অসুস্থ হৈ আছিল । অৱশেষত বুধবাৰে পুৱা গুৱাহাটীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ নিজা বাসভৱনত পুৱা 7.10 বজাত শেষ নিশ্বাস ত্যাগ কৰে লোকশিল্পীগৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ ৷

শাৰীৰিক অসুস্থতাত ভুগি থকা লোকশিল্পী উমাকান্ত বৈৰাগীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে আগবঢ়াইছিল 1 লাখ টকাৰ আৰ্থিক সাহায্য ।

উল্লেখ্য যে, শিল্পীগৰাকীয়ে 2013-14 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰাৰ লগতে অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে সন্মানিত হৈছিল । তাৰোপৰি সদৌ টাই আহোম সমাজৰ স্বীকৃতি বঁটা, ভূপেন হাজৰিকা সংহতি বঁটা, প্ৰতিমা পাণ্ডে বঁটা আদিৰেও সন্মানিত হৈছিল উমাকান্ত বৈৰাগী ৷ তেওঁ প্ৰায় 1400 টোকাৰী গীত ৰচনা কৰি থৈ গৈছে ৷

লগতে পঢ়ক: Assamese Actor Bijoy Shankar Died: অভিনেতা, পৰিচালক তথা নাট্যকৰ্মী বিজয় শংকৰ শইকীয়া আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.