ETV Bharat / state

Murder Case in Assam: ৰাজ্যত গড়ে দৈনিক সংঘটিত হয় ৩ টাকৈ হত্যাকাণ্ডৰ ঘটনা

author img

By

Published : Dec 9, 2021, 3:36 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো অপৰাধ নিয়ন্ত্ৰণত যেন ব্যর্থ হৈছে অসম আৰক্ষী । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ পর্যন্ত ৰাজ্যত মুঠ ৮৯২ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । নগাঁও জিলাত সৰ্বাধিক ৬৫ টা হত্যাকাণ্ড সংঘটিত হৈছে (Highest number of murders cases in Nagaon District) ৷

Daily Average Murder case
ৰাজ্যত গড়ে দৈনিক সংঘটিত হয় ৩ টাকৈ হত্যাকাণ্ডৰ ঘটনা

গুৱাহাটী, ৯ ডিচেম্বৰ: ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণ হোৱা নাই । বৰং তুলনামূলকভাৱে বৃদ্ধিহে পাইছে । শাসনভাৰ গ্ৰহণ কৰাৰ পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো অপৰাধ নিয়ন্ত্ৰণত যেন ব্যর্থ হৈছে অসম আৰক্ষী ।

ৰাজ্যত এক প্ৰকাৰ হত্যা-হিংসাজনিত ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে (Murder cases increased) । আনকি এনকাউন্টাৰৰ ঘটনাৰ পাচতো নিয়ন্ত্ৰণ হোৱা নাই অপৰাধ । উল্লেখ্য যে, চলিত বৰ্ষৰ দহটা মাহতে অসমত প্ৰায় ৯০০ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

নিৰাপত্তা দিশত আটাইতকৈ সুৰক্ষিত বুলি বিবেচিত গুৱাহাটী মহানগৰীতে কেইবাটাও লোমহর্ষক হত্যাকাণ্ড সংঘটিত হৈছে ।

শোৱাপাটীতে বৃদ্ধ দম্পত্তিক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ৰাজধানী চহৰখনৰ মাজমজিয়াত । অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ পর্যন্ত ৰাজ্যত মুঠ ৮৯২ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । এই হত্যাকাণ্ডৰ শীৰ্ষত আছে নগাঁও জিলা (Nagaon District records highest number of murder cases) ।

নগাঁও জিলাতে মুঠ ৬৫ টা হত্যাকাণ্ড সংঘটিত হোৱাৰ তথ্য আৰক্ষীয়ে পঞ্জীয়ন কৰিছে । জিলাখনৰ সদৰ থানাৰ অধীনৰ এলেকাতে ১৯ টা হত্যাকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে জুৰীয়া আৰু ৰূপহীহাট থানাৰ অধীনত ৯ টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । নগাঁৱৰ পাচতেই ডিব্ৰুগড় জিলাত ৬২ টা আৰু শোণিতপুৰ জিলাত ৫২ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক : Chopper Crash timeline : কুনুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনাৰ সময়ৰেখা

সেইদৰে কামৰূপ গ্ৰাম্য জিলাত ৫০ টা, কৰিমগঞ্জত ৪২ টা আৰু কাছাৰত ৪০ টা হত্যাকাণ্ড সংঘটিত হৈছে । আনহাতে, কামৰূপ মহানগৰ জিলাত আৰক্ষী আয়ুক্তালয়ত অধীনত ৩৮ টা হত্যাকাণ্ড সংঘটিত সংঘটিত হৈছে । ইয়াৰ ভিতৰত পূব গুৱাহাটী জিলাত ১৪ টা, পশ্চিম গুৱাহাটী জিলা আৰু মধ্য গুৱাহাটী জিলাত ১২ টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । গুৱাহাটীৰ দিছপুৰ থানাৰ অন্তৰ্গত সস্বাধিক ১০ টা হত্যাকাণ্ড সংঘটিত হৈছে ।

দিছপুৰ থানাৰ অধীনত বেলতলা ছাৰ্ভেৰ চাঞ্চল্যকৰ বৃদ্ধ দম্পত্তি হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । হত্যাকাণ্ডৰ তালিকাত থকা আন আন জিলাকেইখনৰ ভিতৰত বাগসা জিলাত ২৪টা, বৰপেটাত ৩৫ টা, বিশ্বনাথ জিলাত ২০ টা, বঙাইগাঁও জিলাত ১৭ টা, চৰাইদেউ জিলাত ১৫ টা, চিৰাঙ জিলাত ১১ টা, দৰং জিলাত ১৭ টা, ধেমাজি জিলাত ২০ টা, ধুবুৰী জিলাত ২৭ টা, ডিমা হাচাও জিলাত ৪ টা, গোৱালপাৰা জিলাত ২৩ টা, গোলাঘাট জিলাত ৩৫ টা, চৰকাৰী ৰে'ল আৰক্ষী থানাৰ অধীনত ৬ টা, হাইলাকান্দি জিলাত ৮ টা, হোজাই জিলাত ২৫ টা, কাৰ্বি আংলং জিলাত ৩১ টা, কোকৰাঝাৰ জিলাত ২৩ টা, লখিমপুৰ জিলাত ৩১ টা, মাজুলী জিলাত এটা, মৰিগাঁৱত ২৪ টা, নলবাৰীত ২৩ টা, শদিয়াত ১০ টা, শিৱসাগৰত ২০ টা, দক্ষিণ শালমাৰাত দুটা, তিনিচুকীয়াত ৩৮ টা, ওদালগুৰিত ১৫ টা, পশ্চিম কাৰ্বি আংলং জিলাত ৫ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

ৰাজ্যত ১০ মাহত ৮৯২ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (There have been 892 Murders in the State in the last 10 months) । অৰ্থাৎ মাহে গড় হিচাপত এই সংখ্যা প্ৰায় ৯০ টা । এই সংখ্যা দিন হিচাপত গড়ে ৩ টা (Daily Average Murder cases has Increased) । দৈনিক গড়ে ৩ টাকৈ হত্যাকাণ্ডৰ ঘটনা উদ্বেগৰ বিষয় । যিটো সময়ত আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে, সেই সময়তে ৰাজ্যখনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনা ।

লগতে পঢ়ক : সাত বছৰে সন্ধান নাই ৰঙিয়াৰ মুৰাৰাৰ এগৰাকী ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.