ETV Bharat / state

ভূটানত অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভূটানত অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী । সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি  দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় সাংস্কৃতিক দলটো ।

author img

By

Published : Jul 26, 2019, 8:22 AM IST

ভূটানত অসমৰ বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান

গুৱাহাটী, ২৬ জুলাইঃ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভূটানত অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে । সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় সাংস্কৃতিক দলটোৱে ।
গুৱাহাটী মহানগৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে অলপতে ভূটানৰ মংগাৰস্থিত ৰয়েল ভূটান ইউনিভাৰ্ছিটিৰ অন্তৰ্গত গাইলশ্বপিং মহাবিদ্যালয় আৰু ইনফৰমেছন টেকনলজীত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে । অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি প্ৰায় চাৰি হাজাৰ দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত ভোৰতাল নৃত্য আৰু বিহু নৃত্যত উপস্থিত বিশিষ্ট ব্যক্তি তথা দৰ্শকৰ দ্বাৰা বিপুলভাৱে সমাদৃত হয় । উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ উপ উচ্চ শিক্ষাধিকৰ্তা শ্ৰী মতী চিন্ময়ী তালুকদাৰে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে ।

Intro:প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভূটানত অসমৰ বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীBody:গুৱাহাটী মহানগৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে অলপতে ভূটানৰ মংগাৰস্থিত ৰয়েল ভূটান ইউনিভাৰ্ছিটিৰ অন্তৰ্গত গাইলশ্বপিং মহাবিদ্যালয় আৰু ইনফৰমেছন টেকনলজীত অসমৰ বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰি প্ৰায় চাৰি হাজাৰ দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় । ভূটানৰ এখন অভিজাত ফুটবল প্ৰতিযোগিতা ফাউণ্ডেশ্যন কাপ ফুটবল টুৰ্নামেন্ট ʼৰ চূড়ান্ত খেল উপলক্ষে যোৱা ১৯ জুলাই তাৰিখে হোৱা সাংস্কৃতিক কাৰ্যসূচীত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ তৰফৰ পৰা দশাৱতাৰ নৃত্য , কথক নৃত্য , কৃষ্ণ নৃত্য , বিহু নৃত্য আদি প্ৰদৰ্শন কৰা হয় । ইয়াৰ ভিতৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত ভোৰতাল নৃত্য আৰু বিহু নৃত্যৰ সময়ত উপস্থিত বিশিষ্ট ব্যক্তি তথা দৰ্শকৰ দ্বাৰা বিপুলভাৱে সমাদৃত হয় । উল্লেখযোগ্য যে ২০১৮ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয় আৰু গাইলশ্বিপ মহাবিদ্যালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি ইতিমধ্যে ভূটানৰ শিক্ষানুষ্ঠানটিৰ ফুটবল দলে মহানগৰীৰ ছাই খেলপথাৰত যোৱা বছৰৰ ১১ আগষ্ট তাৰিখে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ দলটিৰ সৈতে খেলত অৱতীৰ্ণ হৈছিল । এই বুজাবুজি চুক্তি অনুসৰি শিক্ষানুষ্ঠান দুখনৰ মাজত শৈক্ষিক মূল্যবোধ , ক্ৰীড়া , সাংস্কৃতিক আদি দিশত শিক্ষক-কৰ্মচাৰী , গৱেষক , ছাত্ৰ-ছাত্ৰীৰ মাজত পাৰস্পৰিক বিনিময়ত গুৰুত্ব দিয়া হৈছে । পৰৱৰ্তী সময়ত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ দলটিয়ে কুৰিশ্বু নদী বান্ধো শৈক্ষিক কাৰ্যসূচীৰ অংগ হিচাপে পৰিদৰ্শন কৰে । মহাবিদ্যালয়ৰ দলটিক অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত , অধ্যাপক বিশ্বজ্যোতি দেৱ মহন্ত (শিক্ষক তত্বাৱধায়ক সাংস্কৃতিক বিভাগ) আৰু ড০ ৰীণা বৰ্মন কলিতাই নেতৃত্ব প্ৰদান কৰে । উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ উপ উচ্চ শিক্ষাধিকৰ্তা শ্ৰী মতী চিন্ময়ী তালুকদাৰে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰে ।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.