ETV Bharat / state

নৰেন্দ্ৰ মোডীৰ জন্মদিনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ 'নিবনুৱা দিৱস' পালন

author img

By

Published : Sep 17, 2021, 8:17 PM IST

অসম প্ৰদেশ যুৱ কংগ্ৰেছে দেশৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনটোক "নিবনুৱা দিৱস" হিচাপে পালন কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ যুৱ কংগ্ৰেছে মোডী চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।

Assam Pradesh Youth Congress protest
মোডীৰ জন্মদিনত প্ৰদেশ যুৱ কংগ্ৰেছৰ 'নিবনুৱা দিৱস' পালনেৰে বিক্ষোভ প্ৰদৰ্শন

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিয়ে শুকুৰবাৰৰ পৰা গ্ৰহণ কৰা ২০ দিনীয়া কাৰ্যসূচীক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম প্ৰদেশ যুৱ কংগ্ৰেছে দেশৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনটোক "নিবনুৱা দিৱস" হিচাপে পালন কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ যুৱ কংগ্ৰেছে মোডী চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । বছৰি ২ কোটি চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া মোডীয়ে চাকৰিৰ সলনি যুৱ প্ৰজন্মক চাহ-পকৰী বিক্ৰী কৰিবলৈ দিয়া কথাটো হাস্যকৰ আৰু বিজেপি চৰকাৰৰ অপৰিপক্কতাৰ পৰিচয় বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে ।

লগতে পঢ়ক: সকলাে জিলাতে টেট পৰীক্ষা কেন্দ্র স্থাপনৰ দাবী বিৰোধী দলপতিৰ

সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক সংস্থাপনহীন কৰি নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি কৰি থকা বিজেপিৰ বিৰুদ্ধে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক অজয় চিকাৰা, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী, উপ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে যুৱ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা আৰু বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে ।

উল্লেখ যে, নিৰ্বাচনৰ সময়ত নিবনুৱা সমস্যা সমাধান বিজেপিৰ অন্যতম এটা প্ৰধান বিষয় আছিল । কেন্দ্ৰৰ লগতে অসমতো বিজেপিয়ে এই বিষয়টোক লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ২০১৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমত বছৰি পাঁচ লাখকৈ পাঁচ বছৰত মুঠ ২৫ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰী তথ্য মতে বিগত পাঁচ বছৰত বিজেপি চৰকাৰে মাত্র ৮০ হাজাৰ চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'ল ।

লগতে পঢ়ক: টেঙাখাতৰ পাণধোৱা পাৰঘাটেৰে অবৈধভাৱে গৰু সৰবৰাহ

চাকৰিৰ ক্ষেত্রত শতকৰা হিচাপত বিজেপিয়ে প্ৰতিশ্ৰুতিৰ মাত্র ৩ শতাংশ চাকৰি দিবলৈ সক্ষম হ'ল । ২০২১ৰ নিৰ্বাচনত বছৰি পাঁচ লাখৰ বিপৰীতে এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে । সেই লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰখনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয় যে বিমুদ্ৰাকৰণকে ধৰি বিগত দুটা বছৰৰ ক'ভিড পৰিস্থিতিৰ বাবে চাকৰি যোৱা তথা কৰ্মহীন হৈ পৰা লাখ লাখ লোকৰ কি হ'ব ? সেই লোকসকলক চৰকাৰখনে কিদৰে সংস্থাপিত কৰিব ?

লক্ষণীয় বিষয় যে, ২০১৬ চনতে অসমত ২৬ লাখ নিবনুৱা আছিল বুলি চৰকাৰী তথ্যত কোৱা হৈছিল । এতিয়া সেই সংখ্যা কিমান হ'ব পাৰে, তাৰ সঠিক পৰিসংখ্যা চৰকাৰীভাৱে প্ৰকাশ কৰা হোৱা নাই । এফালে বৃদ্ধি পাইছে নিবনুৱা, আনফালে খালী থকা পদসমূহ পূৰণৰ ক্ষেত্ৰতো চৰকাৰী পক্ষই বিভিন্ন কাৰণ দৰ্শাই বিলম্ব কৰাত চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকল হতাশ হৈ পৰিছে ।

লগতে পঢ়ক: কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

ইফালে, লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে বছৰি ২ কোটি নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও বাস্তৱত অসাৰ প্ৰতিপন্ন হ'ল । চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে মোডী চৰকাৰৰ দিনত বিগত ৪৫ বছৰৰ ভিতৰত দেশত সৰ্বাধিক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে । চেণ্টাৰ ফ'ৰ ম'নিটৰিং ইণ্ডিয়ান ইক'নমিৰ মতে বৰ্তমান দেশত নিবনুৱাৰ হাৰ চহৰাঞ্চলত ৯.৩ শতাংশ আৰু গ্ৰামাঞ্চলত ৬.৮ শতাংশ আৰু সামগ্ৰিকভাৱে দেশৰ ৭.৬ শত‍ংশ ।

আনহাতে, বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ বাবে দেশৰ ৫০ লাখ লোক কৰ্ম সংস্থাপনহীন হোৱাৰ বিপৰীতে ক'ৰণাৰ পৰিপ্ৰেক্ষিতত দিয়া ল'কডাউনৰ বাবে ২ কোটি লোকে নিজৰ চাকৰি হেৰুৱাব লগা হয় । আনকি চলিত বৰ্ষৰ প্ৰথম ছয়মাহত ২.৫ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে ।

আগষ্ট মাহত দেশৰ ১৫ লাখ লোক নিজৰ চাকৰি হেৰুৱাব লগা হৈছে । সেইদৰে চৰকাৰৰ ভুল নীতিৰ বাবে ৭.৫ কোটি লোক অতিৰিক্তভাৱে দৰিদ্ৰতাৰ কৱলত পৰিছে । আনহতে ১০ কোটি লোকৰ উপাৰ্জন আধালৈ নামি আহিছে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা গমেই নাপায় গজেন্দ্ৰ সিং শ্বেখাৱটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.