ETV Bharat / state

Congress Sankalp Satyagraha : আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছো: ভূপেন কুমাৰ বৰা - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী ৷ বিৰোধী দল-সংগঠনৰ অংশগ্ৰহণ (Protest against Rahul Gandhi disqualification) ৷

Congress Sankalp Satyagraha at Guwahati
অসম প্ৰদেশ কংগ্ৰেছৰ সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী
author img

By

Published : Mar 26, 2023, 9:19 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সংকল্প সত্যাগ্ৰহ

গুৱাহাটী, 26 মাৰ্চ : সমগ্ৰ দেশৰ লগতে আজি অসমতো প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰে সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰে এই সত্যাগ্ৰহ কাৰ্যসূচীৰ । অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ৰকিবুল হুছেইন, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰাণা গোস্বামীকে ধৰি বহু কেইজন কংগ্ৰেছ বিধায়কৰ লগতে জ্যেষ্ঠ কংগ্ৰেছী নেতা (Protest against Rahul Gandhi disqualification)।

ইয়াৰ উপৰি এই সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈকে আদি কৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে ৷ চিপি আই (এম) দলৰ ইছফাকুৰ ৰহমান, নয়নজ্যোতি ভূঞাৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে । কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰে । দলটো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰি বি জে পি দলৰৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে (Assam Pradesh Congress Sankalp Satyagraha at Guwahati)।

লগতে সভাপতিগৰাকীয়ে কয় যে ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত নৰেন্দ্ৰ মোডী আদানীৰ যি সু-সম্পৰ্ক তাক তথ্য সহকাৰে প্ৰমাণ কৰি দিয়াৰ অপৰাধত স্বৈৰাচাৰিতাৰে যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ কন্ঠ ৰুদ্ধ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি ফেচিষ্ট চৰকাৰৰ অগণতান্ত্ৰিক কাৰ্য-কলাপৰ বিৰুদ্ধে এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলি উল্লেখ কৰে । কংগ্ৰেছৰ এই সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছে য'ত ধৰিব লাগে তাত ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বিজেপি দলে এতিয়া ভয় খাইছে বুলি উল্লেখ কৰে (Raijor dol on Rahul Gandhi disqualification) ।

লগতে পঢ়ক : Protest against Rahul disqualification : প্ৰধানমন্ত্ৰীক কাপুৰুষ আখ্যা প্ৰিয়ংকা গান্ধীৰ

সকলো বিৰোধী একত্ৰিত হৈ আগবাঢ়িব লাগে বুলি উল্লেখ কৰাৰ লগতে বিৰোধী শক্তি একত্ৰিত হৈ ২০২৪ ত বিজেপিক গাদীচ্যুত কৰিব লাগিব বুলি ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে উল্লেখ কৰে । ২০২৪ ত বিজেপি পুনৰ শাসনলৈ আহিলে ভাৰতীয় সংবিধানৰ লগতে দেশৰ গণতন্ত্ৰ নাথাকিব অস্তিত্বশূণ্য হৈ পৰিব বুলি অনিশ্চয়তা প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.