ETV Bharat / state

২৬ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অল ইণ্ডিয়া মাইন’ৰিটি ফ্ৰণ্টে - উচ্চতম ন্যায়ালয়

সংখ্যালঘু অধ্যুষিত অঞ্চল ধুবুৰী, বৰপেটাকে ধৰি বহুকেইটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব দলটোৱে ৷ নিৱনুৱা সমস্যা, ধৰ্মীয় ৰাজনীতি, এনআৰচি দলটোৰ মূল ইচ্ছ্যু হ’ব বুলি উল্লেখ কৰে অল ইণ্ডিয়া মাইন’ৰিটি ফ্ৰণ্টৰ ৰাষ্ট্ৰীয় সভাপতি এচ এম আশ্ৰিফে ৷

Assam polls: AIMF to contest on 26 seats
ৰাজ্যৰ ২৬ টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব অল ইণ্ডিয়া মাইনৰিটি ফন্টে
author img

By

Published : Mar 13, 2021, 5:19 PM IST

গুৱাহাটী,13 মাৰ্চ: অল ইণ্ডিয়া মাইন’ৰিটি ফ্ৰণ্টে অসম বিধানসভাৰ নিৰ্বাচনত 26 টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ দিছপুৰ প্ৰেছ ক্লাবত শনিবাৰে অল ইণ্ডিয়া মাইন’ৰিটি ফ্ৰণ্টৰ ৰাষ্ট্ৰীয় সভাপতি এচ এম আশ্ৰিফে প্ৰকাশ কৰে এই কথা ৷ সভাপতিগৰাকীয়ে উল্লেখ কৰা অনুসৰি সংখ্যালঘু অধ্যুষিত অঞ্চল বিশেষকৈ ধুবুৰী, বৰপেটাকে ধৰি বহুকেইটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব দলটোৱে ৷ অসমৰ সংখ্যালঘু উন্নয়নৰ স্বাৰ্থত মাদ্ৰাছা বন্ধৰ প্ৰতিবাদ, শিক্ষা, স্বাস্থ্য বিকাশৰ প্ৰতিশ্ৰুতিৰে এইবাৰে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে ৷

ফ্ৰণ্টৰ ৰাষ্ট্ৰীয় সভাপতি এচ এম আশ্ৰিফে সংবাদমেলত এআইইউডিএফে সংখ্যালঘু সকলৰ উন্নয়নৰ হকে একো কাম কৰা নাই বুলি উল্লেখ কৰে ৷ তেওঁ লগতে এআইইউডিএফ বিজেপিৰ বি টীম বুলি কয় ৷ এআইইউডিএফে বিজেপিৰ দিল্লীৰ শীৰ্ষ নেতৃত্বৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ বাবে মহাজোঁট বন্ধনৰ পৰা 50 খন আসন ল’ব লাগিছিল, যদিও নল’লে বুলি মন্তব্য কৰে ৷

এচ এম আশ্ৰিফে অসমত এনআৰচি প্ৰত্যাহাৰ কৰিব লাগে বুলিও মন্তব্য কৰে ৷ তেওঁ সদৰী কৰা অনুসৰি এনআৰচি-ৰ নামত সংখ্যালঘু জন সাধাৰণক হাৰাশাস্তি কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হ’বলগীয়া এনআৰচিৰ কাম ইতিমধ্যে হৈ যোৱা বুলি কয় আশ্ৰিফে ৷ মাদ্ৰাছা বন্ধ কৰি সংখ্যালঘু লোকৰ শিক্ষা জীৱনক অন্ধকাৰ কৰিব খুজিছে বুলি উল্লেখ কৰি শিক্ষা ব্যৱস্থা উন্নত নহ’লে অন্য দিশৰ উন্নয়ন সম্ভৱ নহয় বুলি মন্তব্য কৰে আশ্ৰিফে ৷

প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অল ইণ্ডিয়া মাইন’ৰিটি ফ্ৰণ্টে

এইবাৰ নিৰ্বাচনত নিবনুৱা সমস্যা, ধৰ্মীয় ৰাজনীতি, এনআৰচি দলটোৰ নিৰ্বাচনৰ মূল ইচ্ছ্যু হ’ব বুলি উল্লেখ কৰে । তদুপৰি দলটোৱে ২৬ খন আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰি ৰাজ্যত ওলমা চৰকাৰ হ'ব বুলি উল্লেখ কৰে ৷ ইয়াৰ উপৰি 21 ৰ নিৰ্বাচনৰ পাছত যাৰ চৰকাৰ আহিব তাকেই সমৰ্থন কৰিব বুলি কয় মাইন’ৰিটি ফ্ৰণ্টৰ ৰাষ্ট্ৰীয় সভাপতি এচ এম আশ্ৰিফে ৷

লগতে পঢ়ক : লক্ষ্য নিৰ্বাচন: ভোটাৰক আকৃষ্ট কৰিবলৈ মৰিয়নীত উপস্থিত স্মৃতি ইৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.