গুৱাহাটী, 24 জানুৱাৰী : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা আনুষ্ঠানিক হৈ পৰাৰ পিচত এতিয়া এই মিত্ৰ শক্তিয়ে আসন্ন নিৰ্বাচনত দুটা অন্যতম প্ৰধান শক্তিৰ বিৰুদ্ধে যুঁজ দিব লাগিব । ইয়াৰে এটা হৈছে বিজেপি আৰু তেওঁলোকৰ মিত্ৰদল সমূহ আৰু আনটো হৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সমন্বিতে আঞ্চলিক শক্তিসমূহ ।
এনে অৱস্থাত কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোঁটে এই দুই শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হ'ব নে নহয় সেই সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক পৰ্যবেক্ষক মহলে খুব গভীৰভাৱে নিৰীক্ষণ কৰিছে বিষয়টো ।
ইটিভি ভাৰতৰ আগত এই প্ৰসংগত নিজা নিজা বক্তব্য প্ৰকাশ কৰিছে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক, সু-লেখক ডঃ লক্ষ্মীনাথ তামুলী আৰু ব্ৰজেন ডেকাই । ডঃ তামুলীয়ে নিজৰ মত ব্যক্ত কৰি কয় যে, এয়া কোনো অসম্ভৱ কথা নহয় । কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়োটাই ৰাজনৈতিকভাৱে অভিজ্ঞতাপুষ্ট একো একোটা দল । গতিকে, এই দুই শক্তিৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ দুয়োটা দলেই কৌশল উদ্ভাৱন কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
আনহাতে, বিশিষ্ট ৰাজনৈতিক পৰ্যবেক্ষক, সু-লেখক ব্ৰজেন ডেকাই কয় যে, 2016 চনৰ নিৰ্বাচনত কংগ্ৰেছে 31 শতাংশ আৰু এ আই ইউ ডি এফে 13 শতাংশ ভোট লাভ কৰিছিল । ইয়াৰ বিপৰীতে 29 শতাংশ ভোট লাভ কৰিয়েই বিজেপিয়ে গঠন কৰিছিল চৰকাৰ । গতিকে, সু-নিৰ্দিষ্ট ৰণকৌশলেৰে কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোঁটে সমুখত থকা দুই অন্যতম শক্তিৰ বিৰুদ্ধে যুঁজ দিব পাৰিব বুলি তেওঁ আশা কৰে ৷
লগতে পঢ়ক : আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় !